অসম

assam

ETV Bharat / state

ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত "কা" বিৰোধী প্ৰতিবাদ - দক্ষিণ কামৰূপ কা প্ৰতিবাদ

ডাঙৰীত নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত ‘ডাঙৰীৰ সিংহনাদ’ কাৰ্যসূচী ৷ লগতে দক্ষিণ কামৰূপ ছাত্ৰ সন্থা আৰু বৃহত্তৰ আমৰাঙ্গা বৰিহাট নাগৰিক মঞ্চৰ যুটীয়া উদ্যোগত বৰিহাটত অনুস্থিত হয় গণ হুংকাৰ কাৰ্যসুচী । সমান্তৰালকৈ কলিয়াবৰতো নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে শতাধিক লোকৰ মানৱ শৃংখল ৷

CAA protest across Assam
বুধবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত "কা" বিৰোধী প্ৰতিবাদ

By

Published : Feb 6, 2020, 1:17 AM IST

Updated : Feb 7, 2020, 10:03 PM IST

ডুমডুমা,5 ফেব্ৰুৱাৰীঃডাঙৰীত নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত ‘ডাঙৰীৰ সিংহনাদ’ কাৰ্যসূচী ৷ ডাঙৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু বিভিন্ন জাতীয়-জনগোষ্ঠীয় সংগঠনৰ সহযোগত ডাঙৰী উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত এই কাৰ্যসূচী ৰূপায়ন কৰা হয় । উক্ত কাৰ্যসূচীত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি সুৰজিৎ মৰাণ, মৰাণ ছাত্ৰ সন্থাৰ প্ৰতাপ মৰাণ, সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ কেইবাজনো বিষয়ববীয়াৰ লগতে শিল্পী লোহিত গগৈ আৰু ৰাজীৱ শদিয়া ৷ এই কাৰ্যসূচীলৈ আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈক গায়ন-বায়নেৰে আদৰি অনা হয় ৷ কেইবাহাজাৰ লোকৰ উপস্থিতিত অনুষ্ঠিত হোৱা "ডাঙৰী সিংহনাদ" কাৰ্যসূচীত সকলোৱে একেমুখে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন মানি নোলোৱাৰ হুংকাৰ প্ৰদান কৰে ।

ডুমডুমাৰ ডাঙৰীত কা বিৰোধী প্ৰতিবাদ

দক্ষিণ কামৰূপঃবুধবাৰে দক্ষিণ কামৰূপ ছাত্ৰ সন্থা আৰু বৃহত্তৰ আমৰাংগা বৰিহাট নাগৰিক মঞ্চৰ যুটীয়া উদ্যোগত বৰিহাটত অনুষ্ঠিত হয় গণ হুংকাৰ কাৰ্যসুচী । 'কা' বিৰোধী আন্দোলনত শ্বহীদ হোৱা দীপাঞ্জল দাস, ইশ্বৰ নায়ক, আব্দুল আলিম, ছেম ষ্টেফৰ্ড,বী ৰেন্দ্ৰ পাংগিং আৰু দেৱজিৎ ভূঞাক শ্ৰদ্ধাঞ্জলিৰে এই কাৰ্যসূচীৰ আৰম্ভণি কৰা হয় ৷ উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ লগতে অভিনেত্ৰী বৰষাৰাণী বিষয়াই ৷

দক্ষিণ কামৰূপত কা বিৰোধী প্ৰতিবাদ

মাজুলীঃৰাজ্যত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে জনজাগৰণ সৃষ্টি কৰি আন্দোলন তীব্ৰতৰ কৰি তোলাৰ হুংকাৰ ছাত্ৰ সমাজৰ ৷ এই দিশত মুখ্যমন্ত্ৰীৰ সমষ্টি মাজুলীৰ পৰা প্ৰথমে পদক্ষেপ গ্ৰহণ কৰাৰ উদ্দেশ্যে কটন বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰৰ এটা দলে 1 ফেব্ৰুৱাৰীৰ পৰা মাজুলীৰ বিভিন্ন সত্ৰৰ সত্ৰাধিকাৰ, দল-সংগঠন আৰু জ্যেষ্ঠ নাগৰিকৰ লগত আলোচনাত মিলিত হৈছে ৷ মঙলবাৰে মাজুলী জিলা পেঞ্চনাৰ ভৱনত বিশিষ্ট শিল্পী, ৰঞ্জিৎ কুমাৰ ভূঞাৰ সভাপতিত্বত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয় ৷ উক্ত সভাত উপস্থিত থাকে মাজুলীৰ কেইবাখনো মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, জেষ্ঠ নাগৰিক সন্থা, কৃষক মুক্তি সংগ্ৰাম সমিতি, বীৰ লাচিত সেনা, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, মাজুলী জিলা মইনা পাৰিজাত, মাজুলী জিলা মহিলা সমিতিৰ প্ৰতিনিধিয়ে ৷

মাজুলিত কাৰ বিৰুদ্ধে জনজাগৰন

কলিয়াবৰঃ কলিয়াবৰত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৩৭ নং ৰাষ্ট্ৰীয় পথত কেইবা শতাধিক লোকৰ মানৱ শৃংখল ৷ কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ উদ্যোগত কেইবা শতাধিক লোকে সাব্যস্ত কৰে আইনখনৰ বিৰুদ্ধে প্ৰতিবাদ ৷

কলিয়াবৰত কা বিৰোধী প্ৰতিবাদ

লগতে পঢ়ক-তৃতীয় লিংগ আইন ২০১৯ৰ বিৰুদ্ধে আইনী যুঁজত অধিবক্তা বিধান বৰুৱা

Last Updated : Feb 7, 2020, 10:03 PM IST

ABOUT THE AUTHOR

...view details