অসম

assam

ETV Bharat / state

মুখ্যমন্ত্ৰীয়ে পাহৰিলে নিৰ্বাচনী প্ৰতিশ্ৰুতি;এতিয়াও ভগা বাঁহৰ দলঙেই ভৰসা মাজুলীত

ফুলনি পঞ্চায়তৰ জামুৱনী হাতীমুৰীৰা পথৰ পহুমৰা জানৰ ওপৰত থকা ভগা বাঁহৰ দলঙেৰে পাৰ কৰে ছাত্ৰ ছাত্ৰী সকলে৷ কলৰ ভূৰেৰেও জান পাৰাপাৰ কৰিবলগীয়া হয় কণ কণ ছাত্ৰ ছাত্ৰীসকলে৷ ইপিনে দলংখনৰ এনে দুৰৱস্থাৰ বাবে পঞ্চায়তবাসীয়ে লাভ নকৰে এম্বুলেঞ্চ সেৱা ৷

মাজুলী পহুমৰা ঘাটত ছাত্ৰ ছাত্ৰীৰ হাহাকাৰ!

By

Published : Aug 27, 2019, 2:27 PM IST


মাজুলী, 27 আগষ্টঃৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সমষ্টিৰ উন্নয়ন হৈছে বুলি চৰকাৰে কৃতিত্ব লোৱাৰ প্ৰয়াস কৰি থকাৰ সময়তেই মাজুলীৰ বহু গুৰুত্বপূৰ্ণ অঞ্চলত আজি পৰ্যন্ত উন্নয়নৰ পোহৰ পৰা নাই। মাজুলী অঞ্চলৰ তেনে এটা অৱহেলিত অঞ্চল হৈছে ফুলনি পঞ্চায়তৰ জামুৱনী হাতীমুৰীৰা পথ । অঞ্চলটোলৈ যোৱাৰ পথত এটি জান থকাৰ বাবে যাতায়াতৰ বাবে এখন বাঁহৰ দলং প্ৰতিবছৰে ৰাইজে নিৰ্মাণ কৰি ল’ব লাগে।

মাজুলী পহুমৰা ঘাটত ছাত্ৰ ছাত্ৰীৰ হাহাকাৰ!

অভিযোগ অনুসৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সমষ্টিৰ ফুলনি পঞ্চায়তৰ জামুৱনী হাতীমুৰীৰা পথৰ পহুমৰা জানৰ ওপৰত থকা দলংখনৰ দুৰৱস্থাৰ বাবে ছাত্ৰ-ছাত্ৰী সকলে বিপদ সংকুল ভাৱে পহুমৰা জান পাৰ কৰিব লগীয়া হয়৷ ভগা বাঁহৰ দলঙেৰে জান পাৰ কৰে ছাত্ৰ ছাত্ৰী সকলে৷ কলৰ ভূৰেৰেও জান পাৰাপাৰ কৰিবলগীয়া হয় কণ কণ ছাত্ৰ ছাত্ৰীসকলে৷ ইপিনে দলংখনৰ এনে দুৰৱস্থাৰ বাবে পঞ্চায়তবাসীয়ে লাভ নকৰে এম্বুলেঞ্চ সেৱা ৷ যাৰ ফলত গাঁওখনৰ ৰোগী ,প্ৰসুতি সকলে বহু অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয় ৷ ৰাইজে চৰকাৰ-প্ৰশাসনক জনোৱাৰ পাছতো একো ভূমিকা বৰ্তমানেও গ্ৰহণ নকৰাত ৰাইজে দুখ প্ৰকাশ কৰিছে।

ABOUT THE AUTHOR

...view details