দক্ষিণপাট সত্ৰত বয়ন হ'ব অনুকৃতিমূলক বৃন্দাবনী বস্ত্ৰ - Satra
মাজুলীৰ দক্ষিণপাট সত্ৰত আনুষ্ঠানিকভাৱে শুভাৰম্ভ হ'ব বৃন্দাবনী বস্ত্ৰৰ বয়নৰ কাম । মহাপুৰুষজনাৰ অনবদ্য সৃষ্টিৰ পুনৰ পাব সাকাৰ ৰূপ ৷ ৭ জুলাইত মুখ্যমন্ত্ৰীয়ে দক্ষিণপাট সত্ৰত আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰিব বয়ন কাৰ্য ৷
মাজুলী,28জুনঃ দক্ষিণপাট সত্ৰৰ বিশেষ প্ৰচেষ্টাত প্ৰস্তুত হ'বলগীয়া অনুকৃতিমূলক বৃন্দাবনী বস্ত্ৰ প্ৰস্তুত সন্দৰ্ভত শুকুৰবাৰে অনুকৃতিমূলক বৃন্দাবনী বস্ত্ৰ প্ৰস্তুত সমিতিয়ে দক্ষিণপাট সত্ৰৰ অতিথি গৃহত এক সংবাদ মেল সম্বোধন কৰে । সংবাদমেলত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি বৃন্দাবনী বস্ত্ৰৰ প্ৰতিবিম্ব সদৃশ অনুকৃতিমূলক বৃন্দাবনী বস্ত্ৰ ভাগে অসমীয়া সমাজ জীৱনত ভৱিষ্যত প্ৰজন্মৰ বাবে মহাপুৰুষজনাৰ সৃষ্টিৰাজীক চিনাকি কৰাবলৈ সক্ষম হ’ব বুলি প্ৰস্তুতি সমিতিয়ে উল্লেখ কৰে ৷ উল্লেখ্য যে বিদেশৰ সংগ্ৰহালয়ত সংগৃহীত হৈ থকা বস্ত্ৰভাগ সাধাৰণলোকে প্ৰত্যক্ষ কৰাৰ মহান উদ্দেশ্য আগত ৰাখিয়ে দক্ষিণপাট সত্ৰত অনুকৃতিমূলক বৃন্দাবনী বস্ত্ৰ প্ৰস্তুতৰ সিদ্ধান্ত হাতত লোৱা হৈছে ৷
- ১২০ হাত দীঘল, ৬০ হাত বহল হ'ব অনুকৃতিমূলক বৃন্দাবনী বস্ত্ৰ
- প্ৰায় তিনি কোটি টকা ব্যয় সাপেক্ষে প্ৰস্তুত হ'ব এই বৃন্দাবনী বস্ত্ৰ
- কৃষ্ণৰ জন্মৰ পৰা কংস বধলৈকে বস্ত্ৰ ভাগীৰ প্ৰথম খণ্ডৰ কাম চলিত বৰ্ষৰ ৪ জুলাইত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বয়নৰ কাম উদ্বোধন কৰা হ'ব
- ৭ জুলাইত দক্ষিণপাট সত্ৰত অনুকৃতিমূলক বৃন্দাবনী বস্ত্ৰৰ বয়ন শালৰ শুভ উদ্বোধন কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে
- ইতিমধ্যে এড়ি সূতা,তাত শাল সকলো প্ৰস্তুতি সম্পৰ্ণ হৈছে