অসম

assam

ETV Bharat / state

চপৰা চপৰে খহিছে মাজুলীৰ বুকুঃ অসাৰ শৈল স্পাৰ - brahmaputra board

পুনৰ ভাগিল মাজুলী ৪নং শৈল স্পাৰ। কোটি কোটি টকাৰে মাজুলীক স্থায়ী সুৰক্ষা দিবলৈ নিৰ্মাণ কৰা স্পাৰটো নিজেই সুৰক্ষিত নহ'ল ! ব্ৰহ্মপুত্ৰৰ সৰু একোটা বান সহ্য কৰিবলৈ সক্ষম নহ'ল স্পাৰটোৱে।

চপৰা চপৰে খহিছে মাজুলীৰ বুকু

By

Published : Jul 4, 2019, 1:46 PM IST

মাজুলী,৪ জুলাই: পুনৰ ভাগিল মাজুলী ৪নং শৈল স্পাৰ। ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গ'ল ১ কোটি ৪০ লাখ টকা। ব্ৰহ্মপুত্ৰ বৰ্ড বগা হাতীত পৰিণত হোৱাৰ অভিযোগ ৰাইজৰ। মাজুলীৰ ভৌগোলিক স্থায়ী সুৰক্ষাৰ বাবে ২০০৪ চনতে কেন্দ্ৰীয় চৰকাৰৰ পূঁজিৰে ব্ৰহ্মপুত্ৰ বৰ্ডে প্ৰায় ৩৩ কোটিৰো অধিক টকাৰে ৫ টাকৈ শৈল স্পাৰ নিৰ্মাণ কৰিছিল।

চপৰা চপৰে খহিছে মাজুলীৰ বুকু

২০১২-১৩ বৰ্ষত নিৰ্মাণৰ কাম সম্পূৰ্ণ হয় যদিও স্পাৰৰ মূল বুলহেড বাৰে বাৰে ভাগি যোৱাৰ ফলত প্ৰতি বছৰে পুনৰ মেৰামতিৰ বাবে নতুনকৈ ধন ৰাশি আবন্টন দিয়া হয়। বিগত বৰ্ষটো ভাগি যোৱা ৪নং শৈল স্পাৰ পুনৰ নিৰ্মাণৰ বাবে ১ কোটি ৪০ লাখ টকাৰ ধন ৰাশি আবন্টন দিয়া হৈছিল। কিন্তু যোৱা মাৰ্চ মাহত কাম সম্পূৰ্ণ হোৱা ৪ নং শৈল স্পাৰটো বিগতে তিনিতা দিনতে ভাগি পৰে। কোটি কোটি টকাৰে মাজুলীক স্থায়ী সুৰক্ষা দিবলৈ নিৰ্মাণ কৰা স্পাৰটো একাংশ বিষয়া ঠিকাদাৰৰ বাবে সোণৰ কণী পৰা হাঁহত পৰিণত হোৱাৰ অভিযোগ ৰাইজৰ। বগা হাতীত পৰিণত হোৱা ব্ৰহ্মপুত্ৰ বৰ্ডে হাজাৰ কোটি টকাৰে মাজুলী সুৰক্ষাৰ কাম কৰি থকা সময়তে কমলাবাৰী ফেৰী ঘাটটোৱে আজিৰ তাৰিখত বিধ্বস্ত ৰূপ ধাৰণ কৰিছে। ইপিনে খহনীয়াত ফেৰী ঘাটৰ তিনিখন দোকান ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱাৰ বিপৰীতে ফেৰী ঘাটটো স্থানান্তৰ কৰিবলগীয়া হৈছে । ইয়াৰোপৰি টিকে ইঞ্জিনিয়াৰিং কোম্পানীৰ ২৩৮ কোটি টকাৰ অভিলাষী আঁচনিৰ বেংক ৰিবেডমেন্টৰ জি অ বেগ ব্ৰহ্মপুত্ৰৰ বুকুত উটি গৈছে । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সমষ্টি মাজুলীৰ সুৰক্ষাৰ বাবে নিয়োজিত বিভাগটোৱে মাজুলীক স্থায়ী সুৰক্ষা দিয়ালৈ মাজুলী জীয়াই থাকিব নে তাক লৈ ৰাইজৰ মনত প্ৰশ্ন উত্থাপিত হৈছে ।

ABOUT THE AUTHOR

...view details