অসম

assam

ETV Bharat / state

মাজুলীত টি.কে. কোম্পানীৰ বিৰুদ্ধে অনিয়মৰ অভিযোগ - মাজুলীৰ সুৰক্ষা

মাজুলীত ব্ৰহ্মপুত্ৰ ব’ৰ্ড আৰু টি.কে. কোম্পানীৰ বিৰুদ্ধে লুণ্ঠনৰ অভিযোগ উত্থাপন নৈপৰীয়া ৰাইজৰ ৷ শুকুৰবাৰে গৰাৰ কাষৰ মাটি খান্দি মাজুলীক সুৰক্ষা দিবলৈ চেষ্টা কৰা ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ বিষয়াক ঘেৰাও কৰে শালমৰাৰ নৈপৰীয়া ৰাইজে ৷

t k company corruption in majuli
মাজুলীত টি.কে. কোম্পানীৰ বিৰুদ্ধে অনিয়মৰ অভিযোগ

By

Published : Dec 5, 2020, 9:46 AM IST

মাজুলী,5 ডিচেম্বৰ : সত্ৰপীঠ মাজুলীত ব্ৰহ্মপুত্ৰ ব’ৰ্ড আৰু টি.কে. কোম্পানীৰ বিৰুদ্ধে লুণ্ঠনৰ অভিযোগ উত্থাপন ৷ মাজুলীৰ সুৰক্ষাৰ নামত ভেকো-ভাওনাৰ অভিযোগ উত্থাপন হৈছে ৷

শালমৰাত ব্ৰহ্মপুত্ৰ ব’ৰ্ডে ব্ৰহ্মপুত্ৰ নদীৰ পানীয়ে গৰাৰ কাষত পেলোৱা মাটি খান্দি পুনৰাই শালমৰাৰ লগতে মাজুলীক সুৰক্ষাৰ দিয়াৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে । গৰাৰ কাষৰ মাটি খান্দি মাজুলীক সুৰক্ষা দিবলৈ চেষ্টা কৰা ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ বিষয়াক শুকুৰবাৰে ঘেৰাও কৰে শালমৰাৰ নৈপৰীয়া ৰাইজে ৷

মাজুলীত টি.কে. কোম্পানীৰ বিৰুদ্ধে অনিয়মৰ অভিযোগ

কোন কাৰণতে নদীৰ গৰাৰ কাষৰ মাটি কাটিবলৈ দিয়া নহয় বুলি হুংকাৰ প্ৰদান কৰে নৈপৰীয়া ৰাইজে ৷ লগতে তেওঁলোকে কয় যে, নদীৰ কাষৰ গৰা কটাৰ লগে লগে নদী তেওঁলোকৰ ফালে বাঢ়ি যাব ৷

মাজুলীৰ সুৰক্ষাৰ নামত কেন্দ্ৰীয় চৰকাৰে ব্ৰহ্মপুত্ৰ ব’ৰ্ডক দিয়া 237 কোটি টকাৰে কেনেদৰে চলিছে মাজুলীৰ সুৰক্ষাৰ কাম, তাক লৈ প্ৰশ্ন উত্থাপন হৈছে সচেতন মহলৰ মাজত ৷

লগতে পঢ়ক :জোনাইত অনুসূচিত শ্ৰেণীলৈ বিভিন্ন সামগ্ৰী বিতৰণ জোনাই প্ৰশাসনৰ

ABOUT THE AUTHOR

...view details