মাজুলী, 5 জানুৱাৰী: পুনৰ মাজুলীবাসীৰ আৱেগ, অনুভুতিক উপেক্ষা কৰি ব্ৰহ্মপুত্ৰ বৰ্ডৰ ৷ স্পৰ্শকাতৰ খহনীয়া অঞ্চল পৰ্যবেক্ষণৰ নামত ভেকোঁভাওনা কৰি ব্ৰহ্মপুত্ৰ বৰ্ডৰ কেন্দ্ৰীয় সংস্থাটোৱে পুনৰবাৰ নৈ পৰীয়া শালমৰা, দক্ষিণপাটবাসীক উপেক্ষিত কৰিলে ৷
পৰ্যবেক্ষণৰ নামত ভেকোঁভাওনা মাজুলী ভ্ৰমণলৈ অহা ব্ৰহ্মপুত্ৰ বৰ্ডৰ 15 জনীয়া পৰ্যবেক্ষণ সমিতিয়ে নিমাতিৰ পৰা ফেৰীৰে আহি শালমৰাৰ 1 নং স্পাৰৰ উজনিৰ জিঅ’ পন্টলৈকে পৰ্যবেক্ষণ কৰি উক্ত স্থানতে বিভাগীয় গাড়ীত উঠি গড়মুৰলৈ ৰাওনা হয় ৷
এই উচ্চস্তৰীয় দলটিক সাক্ষাৎ কৰিবলৈ শালমৰাৰ ৰাইজ, মাজুলী আছুৰ প্ৰতিনিধি,মাজুলীৰ সাংবাদিকৰ এটি দলে ভয়াবহ খহনীয়া আৰু প্ৰতিৰোধ সম্পৰ্কত ভাৱ বিনিময়ৰ বাবে আশাপালি প্ৰায় তিনিঘন্টা ধৰি অপেক্ষা কৰি আছিল যদিও বৰ্ডৰ বিষয়া সকলে কোনো ধৰণৰ গুৰুত্ব নিদি আঁতৰি যোৱাত ক্ষোভিত হৈ পৰে স্থানীয় লোক ৷ যাক লৈ মাজুলীত সৃষ্টি হয় ব্যাপক প্ৰতিক্ৰিয়াৰ ৷
237 কোটি টকীয়া জিঅ’ বেগ স্থাপনৰ কাম মাজুলীত উল্লেখ্য যে, টিকে কোম্পানিয়ে 237 কোটি টকাৰ আঁচনিৰ কাম কৰি থকা অংশৰ 50 মিটাৰ আঁতৰতেই খহিছে মূল ভূ-খণ্ড ৷ বৰ্তমান দুটাকৈ চাপৰি নিচিহ্ন হোৱাৰ পথত উপক্ৰম হৈছে ৷ যাৰ ফলত অতি স্পৰ্ষকাতৰ, খহনীয়াগ্ৰস্ত অঞ্চল হিচাপে পৰিগণিত হোৱা এই শালমৰাত 2004 চনৰ পৰা আৰম্ভ কৰা খহনীয়া প্ৰতিৰোধৰ পৰীক্ষামূলক আঁচনিৰ পিছত 2009 চনৰ দুই নৱেম্বৰত স্থায়ী সুৰক্ষা আঁচনিৰ অন্তৰ্ভুক্ত চাৰিটাকৈ শৈল্যস্পাৰ নিৰ্মাণ কৰা হৈছিল ৷
খহনিয়া অঞ্চল পৰ্যবেক্ষণৰ নামত হেমাহি ব্ৰক্ষ্মপুত্ৰ বৰ্ডৰ এনে অসুৰক্ষিত শৈল্যস্পাৰক ভেঙুচালি কৰি শৈল্যস্পাৰ কেইটাৰ সমিপৱৰ্তী ভূখণ্ডৰ 300-400 মিটাৰ পৰ্যন্ত অন্ত ভাগলৈ খহাই অনাত নদীৰ মাজত জিলিকি ৰৈছে শৈল্যস্পাৰৰ বল্ডাৰ সমূহৰ ওপৰৰ অংশ ৷