মাজুলীত গ্ৰন্থ উন্মোচনী সভা - book release
লখিমী শইকীয়া বৰাৰ দক্ষিণপাট সত্ৰৰ বিষয়ে নজনা আৰু ইতিহাসৰ বিষয়ে বহু কথা সন্নিবিষ্ট গ্ৰন্থ "মাজুলীৰ বুকুত শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰ"ৰ তৃতীয় সংস্কৰণৰ শুভ মুক্তি ৷

মাজুলী,2এপ্ৰিলঃমঙলবাৰে মাজুলীৰ যুৱ লেখিকা লখিমী শইকীয়া বৰাই নিজ বাসগৃহত উন্মোচন কৰে "মাজুলীৰ বুকুত শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰ"ৰ তৃতীয় সংস্কৰণ ৷ এই গ্ৰন্থখনে পাঠক সমাজৰ মাজত দক্ষিণপাট সত্ৰৰ বিষয়ে ভাল দৰে জনাৰ সুবিধা কৰি দিয়াৰ লগতে সত্ৰখনৰ ইতিহাসৰ বিষয়ে ভালদৰে জনাত সহায় কৰিব বুলি মন্তব্য কৰে লেখিকাগৰাকীয়ে ৷ ঘৰুৱা কামৰ মাজতো সময় উলিয়াই সাহিত্য চৰ্চা কৰা লেখিকা লখিমী শইকীয়া বৰাৰ এনে সাহিত্য চৰ্চাত উন্মোচনী সভাত উপস্থিত থকা সকলোৱে শলাগ লয় ৷ উল্লেখ্য যে এই সভাত অতিথি হিচাপে উপস্থিত থাকে লেখক কুমুদ দাসৰ লগতে অঞ্চলটোৰ কেইবাজনো লোক ৷