অসম

assam

ETV Bharat / state

প্ৰথমবাৰৰ বাবে মাজুলীত অনুষ্ঠিত হ'ল নৌকাচালনা প্ৰতিযোগিতা - 2021 ৰ অসম বিধানসভা নিৰ্বাচনৰ বাবে ভোটাৰ সজাগতামূলক কাৰ্যসূচী

মাজুলীত পোনপ্ৰথমবাৰৰ বাবে দেশীয় নৌকাচালনা প্ৰতিযোগিতা ৷ প্ৰতিযোগিতাত মাজুলীৰ বিভিন্ন ঠাইৰ মুঠ 14 টা দলৰ অংশগ্ৰহণ ৷ 2021 ৰ অসম বিধানসভা নিৰ্বাচনৰ বাবে ভোটাৰ সজাগতামূলক কাৰ্যসূচীৰ অংশ হিছাপে প্ৰতিযোগিতাখনৰ আয়োজন ৷ জিলা ক্ৰীড়া বিষয়াৰ কাৰ্যালয়ৰ সহযোগত মাজুলী জিলা নিৰ্বাচন বিষয়াৰ কাৰ্যালয়ে প্ৰতিযোগিতাখনৰ আয়োজন কৰে ৷

boating competition in majuli
মাজুলীত নৌকাচালনা প্ৰতিযোগিতা

By

Published : Jan 10, 2021, 6:55 PM IST

মাজুলী, 10 জানুৱাৰী :প্ৰথমবাৰৰ বাবে মাজুলীত আয়োজন কৰা হ'ল দেশীয় নৌকাচালনা প্ৰতিযোগিতা ৷ আগন্তুক অসম বিধানসভা নিৰ্বাচন-2021 ৰ বাবে ভোটাৰ সজাগতামূলক কাৰ্যসূচী 'ছুইপ' (এছভিইইপি) ৰ অংশ হিছাপে মাজুলী জিলা নিৰ্বাচন বিষয়াৰ কাৰ্যালয়ে (এছভিইইপি কোষ) জিলা ক্ৰীড়া বিষয়াৰ কাৰ্যালয়ৰ সহযোগত দেওবাৰে মাজুলীত পোনপ্ৰথমবাৰৰ বাবে নৌকাচালনা প্ৰতিযোগিতাখনৰ আয়োজন কৰে ৷

2021 ৰ অসম বিধানসভা নিৰ্বাচনৰ বাবে ভোটাৰ সজাগতামূলক কাৰ্যসূচীৰ অংশ হিছাপে প্ৰতিযোগিতাখনৰ আয়োজন

নামনি মাজুলীৰ চেলেকঘাটত আয়োজিত আকৰ্ষণীয় দেশীয় নৌকাচালনা প্ৰতিযোগিতা খনত মাজুলীৰ বিভিন্ন ঠাইৰ 14 টা দলে অংশগ্ৰহণ কৰে ৷ জানিব পৰা মতে ক্ৰীড়ানুৰাগী লোক আৰু পৰ্যটক তথা জিলাবাসী ৰাইজৰ উপস্থিতিত দেওবাৰে পুৱা 11 বজাৰ পৰা এই নৌকা প্ৰতিযোগিতা খন আৰম্ভ হয় ৷

18 উৰ্ধৰ ভোটাৰক আকৃষ্ট কৰাৰ বাবে জিলা প্ৰশাসনে সজাই তোলে বিশেষ চেল্ফি পইন্ট

দেওবাৰে অনুষ্ঠিত এই প্ৰতিযোগিতাত মাজুলী জিলা প্ৰশাসনৰ বহু কেইগৰাকী বিষয়া উপস্থিত থাকে ৷ উক্ত নৌকা প্ৰতিযোগিতাখনতেই 18 উৰ্ধৰ ভোটাৰক আকৃষ্ট কৰাৰ উদ্দেশ্যে মাজুলী জিলা প্ৰশাসনে এক বিশেষ চেল্ফি পইন্ট সজাই তোলাও পৰিলক্ষিত হয় ৷

লগতে পঢ়ক:ডিব্ৰুগড়ৰ লাৰুৱাত ব্ৰহ্মপুত্ৰৰ মথাউৰি নিৰ্মাণত কেলেংকাৰী

ABOUT THE AUTHOR

...view details