মাজুলী,14 জানুৱাৰী :ৰাজ্যৰ অন্যতম পৰ্যটনস্থলী মাজুলী ৷ সত্ৰনগৰী মাজুলীলৈ প্ৰতিবছৰে আগমণ ঘটে দেশ-বিদেশৰ বিভিন্ন পৰ্যটকৰ ৷ সত্ৰীয়া-সংস্কৃতিৰে ভৰপূৰ মাজুলীলৈ যাতায়তৰ অন্যতম উপায় হৈছে নাও ৷ মাজুলীৰ শালমৰা গাঁৱত বছৰ বছৰ ধৰি বংশানুক্ৰমে চলি আহিছে নাও শিল্পীসকলৰ ব্যৱসায় ৷ মাজুলীৰ বান গড়াখহনীয়াৰ অতি স্পৰ্শকাতৰ অঞ্চল হৈছে শালমৰা । কিন্ত সাতামপুৰুষীয়া শালমৰাৰ নৌকা শিল্পলৈ নামি আহিছে বিপদঘন্টা ৷ এই গাঁৱৰ লোকসকলে নৌকা শিল্পক জীয়াই ৰাখিবৰ আপ্ৰাণ চেষ্টা কৰিছে যদিও চৰকাৰী উদাসীনতাত ভৱিষ্যতহীন হৈ পৰিছে পুৰণি ব্যৱসায়টো। বৃহত্তৰ শালমৰাৰ প্ৰায় ৫৫০ টা পৰিয়ালে নৌকা শিল্প আৰু মৃৎ শিল্পক এতিয়াও প্ৰধান ব্যৱসায় হিচাপে লৈ জীৱিকা নিৰ্বাহ কৰি আছে।
সাতাম পুৰুষীয়া শালমৰা নৌকা শিল্পলৈ নামিছে বিপদ ঘণ্টা - boat culture of Salmora in danger
সত্ৰীয়া-সংস্কৃতিৰে ভৰপূৰ মাজুলীলৈ প্ৰতিবছৰে আগমণ ঘটে দেশ-বিদেশৰ বিভিন্ন পৰ্যটকৰ ৷ মাজুলীলৈ যাতায়তৰ অন্যতম উপায় হৈছে নাও ৷ কিন্ত সাতামপুৰুষীয়া শালমৰাৰ নৌকা শিল্পলৈ নামি আহিছে বিপদঘন্টা ৷ এই গাঁৱৰ লোকসকলে নৌকা শিল্পক জীয়াই ৰাখিবৰ আপ্ৰাণ চেষ্টা কৰিছে যদিও চৰকাৰী উদাসীনতাত ভৱিষ্যত হীন হৈ পৰিছে পুৰণি ব্যৱসায়টো ।
প্ৰবাদ অনুসৰি প্ৰাক শংকৰী যুগত এই গাঁৱৰ পৰা নিৰ্মিত নাও আহোম ৰজায়ো নাও খেলত ব্যৱহাৰ কৰিছিল ৷ উল্লেখ্য যে শৰাইঘাট ৰণত শালমৰাৰ শিল্পীয়ে নিৰ্মাণ কৰা নাও ব্যৱহাৰ কৰিছিল ৷ শালমৰা শিল্পীসকলে আজাৰ কাঠেৰে নিৰ্মাণ কৰা নাও সমূহ অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ সকলোতে ব্যৱহাৰ হয় ৷ বৰ্তমান সময়ত শালমৰা অঞ্চলত আজাৰ কাঠ নাটনি হোৱাৰ ফলত সামগ্ৰী নিৰ্মাণৰ পৰিমাণ মাজুলীত হ্ৰাস পোৱা পৰিলক্ষিত হৈছে ৷ সম্প্ৰতি এইসমূহ পৰিয়াল সন্মুখীন হৈছে কেঁচা সামগ্ৰী নাতনিৰ ৷ মাজুলী বিশ্ব ঐতিহ্য বহন কৰাৰ অন্যতম দাবীদাৰ শালমৰাৰ নাওশিল্পী সকলে অতি দুখজনকভাৱে জীয়াই থাকিবলগীয়া হৈছে ৷ বানসমস্যাৰে জৰ্জৰিত এই নাও শিল্পী সকলৰ জীৱনধাৰা অতি দুখজনক ৷ এওঁলোকৰ এই শিল্পৰ প্ৰতি বিভাগীয় কৰ্তৃপক্ষ আৰু চৰকাৰৰ চৰম অৱহেলাৰ ফলত বাৰুকৈয়ে প্ৰভাৱ পৰিছে ৷ এই অৱস্থাত তেওঁলোকৰ শিল্পৰ প্ৰতি গুৰুত্ব নিদিলে এদিন হয়তো এই প্ৰচীন শিল্পৰ অস্তিত্ব নাথাকিব ৷
আৰু পঢ়ক : মাজুলীত আৰম্ভ 'মনগীত' ফেষ্টিভেল