অসম

assam

ETV Bharat / state

মাজুলীত সম্পন্ন ৰক্তদান শিবিৰ

দেওবাৰে এন এম অ’ৰ উদ্যোগত সেৱা ভাৰতী পূৰ্বাঞ্চল-অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ মাজুলী জিলাৰ সহযোগত মাজুলীৰ গড়মূৰস্থিত পীতাম্বৰ দেৱগোস্বামী অসামৰিক চিকিৎসালয়ত ৰক্তদান শিবিৰ সম্পন্ন কৰা হয় ৷ অসমৰ চিকিৎসালয়সমূহত খালী থকা ৰক্ত ভাণ্ডাৰত পৰ্যাপ্ত ৰক্ত জমা কৰাৰ লক্ষ্যৰে সমগ্ৰ অসমত ৰক্তদান শিবিৰৰ আয়োজন কৰে ৷

Blood donation camp at majuli assam etv bharat news
ৰক্তদান শিবিৰ সম্পন্ন

By

Published : May 31, 2020, 9:11 PM IST

মাজুলী, 31 মে’: ৰাষ্ট্ৰীয় মেডিক’জ অৰ্গেনাইজেচন (National Medicos Organisation Assam)ৰ উদ্যোগত দেওবাৰে বিশ্ব ধপাত বিৰোধী দিৱসৰ সৈতে সংগতি ৰাখি অসমৰ চিকিৎসালয়সমূহত খালী থকা ৰক্ত ভাণ্ডাৰত পৰ্যাপ্ত ৰক্ত জমা কৰাৰ লক্ষ্যৰে সমগ্ৰ অসমত ৰক্তদান শিবিৰৰ আয়োজন কৰে ৷

এই উপলক্ষে অন্যান্য জিলাৰ দৰে এন এম অ’ৰ উদ্যোগত সেৱা ভাৰতী পূৰ্বাঞ্চল-অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ মাজুলী জিলাৰ সহযোগত দিনৰ ১০বজাৰ পৰা গড়মূৰস্থিত পীতাম্বৰ দেৱগোস্বামী অসামৰিক চিকিৎসালয়ত ৰক্তদান শিবিৰ সম্পন্ন কৰা হয় ৷ উক্ত শিবিৰত সংগঠনকেইটাৰ অৰ্ধ শতাধিক কাৰ্যকৰ্তাই ৰক্ত দান কৰে ৷

ৰক্তদান শিবিৰ সম্পন্ন

এই শিবিৰ উদ্বোধন কৰে সহকাৰী আৰক্ষী বিষয়া গীতাৰ্থ শৰ্মাই ৷ শিবিৰত এবিভিপি-ৰ নেতা বিশ্বজিৎ খাউণ্ড আৰু সেৱা ভাৰতীৰ সংগঠক বাবুল নেওগকে ধৰি বহু কেইজন কাৰ্যকৰ্তা উপস্থিত থাকে ৷

লগতে চাওকঃকৰিমগঞ্জৰ নৱ-নিৰ্মিত COVid-19 হাস্পতালত তিনিগৰাকী নতুন ৰোগী

ABOUT THE AUTHOR

...view details