অসম

assam

ETV Bharat / state

যুৱতী-বোৱাৰীক অশ্লীল মেছেজ দি লক্ আপত সোমাল যুৱক - social media

সামাজিক মাধ্যম(social media)ৰ জৰিয়তে প্ৰথমে HI ! HELLO ! তাৰ পাচত যৌনগন্ধী কথাৰে বিভিন্ন ঠাইৰ মহিলা-যুৱতীক মানসিক অত্যাচাৰ কৰি আহিছিল এজন যুৱকে ৷ ইতিমধ্যে মাজুলী আৰক্ষীয়ে আটক কৰিছে যুৱক জনক ৷

Blackmailing through social media
ৰঙাঘৰৰ আলহী হ'ল এজন যুৱক

By

Published : Jul 13, 2021, 5:39 PM IST

Updated : Jul 13, 2021, 7:11 PM IST

মাজুলী, 13 জুলাই :মহিলা-যুৱতীক অশ্লীল মেছেজ কৰি ৰঙাঘৰৰ আলহী হ'ল বিহপুৰীয়াৰ এজন যুৱক ৷ দুই-তিনিটা ফেচবুক(facebook) একাউন্ট আছে যুৱকজনৰ ৷ অভিযোগ অনুসৰি প্ৰত্যেক দিনে অশ্লীল মেছেজ কৰি একাংশ মহিলা আৰু যুৱতীক মানসিকভাৱে অত্যাচাৰ কৰি আহিছিল যুৱকজনে ৷

প্ৰথমে ফেচবুক(facebook)ত HI ! HELLO ! তাৰ পাচত যৌনগন্ধী কথাৰে বিভিন্ন ঠাইৰ মহিলা-যুৱতীক মেছেজ কৰাৰ আৰম্ভ কৰে যুৱকজনে ৷ এটাৰ পাচত আনটো অশ্লীল মেছেজ ৷ মহিলা-যুৱতী সকলক অশ্লীল মেছেজ কৰাৰ পাচতে ব্লেকমেইল কৰাৰো আৰম্ভ কৰে যুৱকজনে ৷

আটকাধীন যুৱকজনে বিশেষকৈ সামাজিক মাধ্যম(social media)ৰ জৰিয়তে টাৰ্গেট কৰি লয় বিবাহিত মহিলাক ৷ নক'লেও উপায় নাই যুৱকজনৰ এইটো স্বভাৱ ৷

ৰঙাঘৰৰ আলহী হ'ল এজন যুৱক

যুৱকজনৰ নাম হেমন্ত ঠেঙাল ৷ হেমন্তৰ ঘৰ বিহপুৰীয়া মৰনৈ লাহলিয়ালত ৷ হেমন্ত ঠেঙালৰ আছে এগৰাকী পত্নী আৰু এটা কণমাণি পুত্ৰ ৷ 27 বছৰীয়া হেমন্ত ঠেঙালে পাপু দাস দাস( Papu Das Das) নামত এটা ফেক ফেচবুক একাউন্ট খুলি লৈ দীৰ্ঘদিনৰ পৰা মানসিক অত্যাচাৰ চলাই আহিছিল যুৱতী-মহিলা সকলক ।

২৭ বছৰীয়া যুৱকজনৰ বিৰুদ্ধে মাজুলীৰ এগৰাকী মহিলাই এমাহৰ পূৰ্বে এখন এজাহাৰ দাখিল কৰিছিল কমলাবাৰী থানাত । এই এজাহাৰৰ ভিত্তিতে মাজুলী অতিৰিক্ত আৰক্ষী অধীক্ষক শান্তনু দত্তই তৎপৰতাৰে বিহপুৰীয়াৰ পৰা আটক কৰে হেমন্তক ৷ বৰ্তমান হেমন্তৰ বিৰুদ্ধে ৬৮/২১ US ২৯৪/(a)/ ৫০০/৫০৬ IPC ধাৰাত এক গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে ৷

মাজুলী অতিৰিক্ত আৰক্ষী অধীক্ষক শান্তনু দত্তই সদৰি কৰা মতে যুৱতী-মহিলাক অশ্লীল মেছেজ আৰু ব্লেকমেইল কৰাৰ কথা অকপতে স্বীকাৰ কৰিছে হেমন্ত ঠেঙালে ৷ যুৱক জনে দীৰ্ঘদিনে মাজুলীৰ লগতে বহু ঠাইৰ যুৱতী-মহিলাক মানসিক অত্যাচাৰ চলাই আহিছিল ৷ ইয়াৰ পূৰ্বেও আন এক গোচৰত ৰঙাঘৰৰ আলহী হৈছিল হেমন্ত ঠেঙাল নামৰ যুৱকজন ।

লগতে পঢ়ক: সম্পূৰ্ণ লকডাউনৰ মাজতে গড় আলিত চুৰিকাণ্ড

Last Updated : Jul 13, 2021, 7:11 PM IST

ABOUT THE AUTHOR

...view details