মাজুলী,১১ ফেব্ৰুৱাৰী :মাজুলীৰ উপ-নিৰ্বাচনক (Majuli bye election 2022) লৈ ৰাজনৈতিক দলসমূহৰ মাজত তৎপৰতা বৃদ্ধি পাইছে । শাসকীয় বিজেপিয়েও ইতিমধ্যে ৰণনীতি প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে । ইয়াৰ মাজতে প্ৰাৰ্থিত্বক লৈ বিজেপি দলৰ মাজত বিশেষ গুণাগথা চলিছে । কেইবাগৰাকী নেতাৰ নাম বিশেষভাৱে চৰ্চাত থকাৰ মাজতে মাজুলীত উপস্থিত অভিভাৱক মন্ত্ৰী বিমল বৰা আৰু ঢকুৱাখানাৰ বিধায়ক নৱ দলে ।
দলীয় কৰ্মকৰ্তাৰ সৈতে মত-বিনিময় দুয়োগৰাকী নেতাৰ । ইফালে বিজেপিয়ে এতিয়ালৈ কোনো প্ৰাৰ্থীৰ নাম প্ৰকাশ কৰা নাই যদিও বিজেপিৰ মিত্ৰদল অগপ আৰু গণশক্তিৰ কৰ্মকৰ্তাৰ সৈতে আলোচনা কৰি প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ সম্ভাৱনা আছে । অৱশ্যে বিমল বৰাই উল্লেখ কৰা মতে এই ক্ষেত্ৰত কেন্দ্ৰীয় কমিটীয়ে সিদ্ধান্ত গ্ৰহণ কৰিব ।