অসম

assam

ETV Bharat / state

মাজুলীত মুখ্যমন্ত্ৰীৰ হৈ ব্যাপক নিৰ্বাচনী প্ৰচাৰ বিজেপিৰ

মাজুলীৰ নামনি অঞ্চলত দেওবাৰে নিৰ্বাচনী প্ৰচাৰ ৰাজ্যিক বিজেপিৰ ৷ মিত্ৰজোঁটৰ প্ৰাৰ্থী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বাবে নামনি মাজুলীৰ কেইবাটাও প্ৰান্তত প্ৰচাৰ চলায় দলীয় কৰ্মীসকলে ৷

bjp-election-campaign
মাজুলীত নিৰ্বাচনী প্ৰচাৰ

By

Published : Mar 14, 2021, 8:40 PM IST

মাজুলী,14 মাৰ্চ: দেওবাৰে মাজুলীৰ নামনি অঞ্চলত নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে ৰাজ্যিক বিজেপিয়ে ৷ মিত্ৰজোঁটৰ কৰ্মীসকলে পদযাত্ৰা কৰি বিজেপিয়ে নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে ৷

মিত্ৰজোঁটৰ প্ৰাৰ্থী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বাবে ব্যাপক নিৰ্বাচনী তৎপৰতা দেখা গৈছে সত্ৰনগৰী মাজুলীত । যিমানেই বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি আহিছে সিমানেই মাজুলীত তীব্ৰতৰ হৈ পৰিছে মিত্ৰজোঁটৰ নিৰ্বাচনী প্ৰচাৰ ।

মাজুলীত নিৰ্বাচনী প্ৰচাৰ

মাজুলীৰ 99 নং জনজাতি বিধানসভা সমষ্টিৰ নামনি মাজুলীৰ কৰতিপাৰ, মিচামৰা মহৰিচুককে ধৰি কেইবাটাও প্ৰান্তত মাজুলীৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বাবে প্ৰকাশ কাশ্যপৰ নেতৃত্বত বহু কেইখন নিৰ্বাচনী সভা অনুষ্ঠিত হয় । এই সভা কেইখনত আমগুৰিৰ বিজেপিৰ কৰ্মীসকলে বিজেপিৰ মিছন 100+ কৰাৰ ক্ষেত্ৰত মাজুলীৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক জয়ী কৰোৱাৰ বাবে দিন-ৰাতি একাকাৰ কৰিছে দলীয় কৰ্মীসকলে ৷

লগতে পঢ়ক:শিৱসাগৰত কংগ্ৰেছ মহাজোঁটৰ সংবাদমেল

ABOUT THE AUTHOR

...view details