মাজুলী, ৮ ছেপ্তেম্বৰ:অসমবাসীৰ বাবে ৮ ছেপ্টেম্বৰ এক গৌৰৱৰ দিন । এই দিনটোতেই জন্ম হৈছিল সুধাকণ্ঠ,সংগীত সূৰ্য ড৹ ভূপেন হাজৰিকাৰ (Bhupen Hazarika birth anniversary)। সেয়েহে বৃহস্পতিবাৰে ৰাজ্যবাসীয়ে পালন কৰিছে সুধাকণ্ঠৰ ৯৬ সংখ্যক ওপজা দিন (96th birth anniversary of Bhupen Hazarika)। সমান্তৰাল ভাৱে আজিৰ দিনটো মাজুলীবাসীৰ বাবেও এক ষ্মৰণীয় দিন। কাৰণ বিশ্বৰ সৰ্ববৃহৎ নদীদ্বীপটোৱে জিলাৰ স্বীকৃতি লাভ কৰিছিল এই দিনটোতে।
২০১৬ চনৰ ৮ ছেপ্টেম্বৰত মাজুলীয়ে লাভ কৰিছিল এই বিশেষ স্বীকৃতি । আজিৰ দিনটোতে নদীদ্বীপ জিলা হিচাপে ঘোষিত হৈ গৌৰৱান্বিত হৈছিল মাজুলীৰ দুই লক্ষ জনসাধাৰণ ৷ বিশ্বৰ বৃহত্তম নদীদ্বীপে(World largest river island Majuli)পূৰ্ণাংগ জিলা হিচাপে স্বীকৃতি লাভ কৰাৰ ৭ বছৰ অতিক্ৰম কৰিলে (7th years of Majuli District recognition) ।