অসম

assam

মাজুলীত বীৰ লাচিত সেনাৰ প্রতিবাদ

By

Published : Sep 29, 2020, 4:38 PM IST

কৃষক বিৰোধী আইন বাতিল আৰু অসম আৰক্ষীৰ উপ-পৰিদৰ্শক লিখিত সাক্ষাৎকাৰৰ তদন্ত CBIক দিয়াৰ দাবীত বীৰ লাচিত সেনা অসম, মাজুলী জিলা সমিতিৰ প্ৰতিবাদ ।

bir lasit sena protest at majuli
মাজুলীত বীৰ লাচিত সেনাৰ প্রতিবাদ

মাজুলী,29 ছেপ্তেম্বৰঃমঙলবাৰে মাজুলী জিলাৰ গড়মুৰত বীৰ লাচিত সেনা মাজুলী জিলা সমিতিয়ে কৃষক বিৰোধী আইন বাতিল আৰু অসম আৰক্ষীৰ উপ-পৰিদৰ্শনক নিযুক্তি প্ৰক্ৰিয়া বিসংগতিৰ তদন্তৰ ভাৰ CBIক দিয়াৰ দাবীত এক প্রতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । এই কাৰ্যসূচীত দেশৰ প্রধান মন্ত্রী আৰু ৰাজ্যৰ মুখ্যমন্ত্রীৰ প্রতিকৃতি দাহ কৰি বিজেপি বিৰোধী শ্ল'গানেৰে উত্তাল প্রতিবাদ সাব্যস্ত কৰে ।

প্ৰতিবাদকাৰী সকলে কোনো কাৰণতে কৃষক আইন মানি নোলোৱাৰ হুংকাৰ প্ৰদান কৰে । ইয়াৰ উপৰিও উপ-পৰিদৰ্শকৰ পৰীক্ষাৰ তদন্ত CBIক দিয়াৰ বাবেও বীৰ লাচিত সেনাৰ মাজুলী জিলা সমিতিয়ে দাবী তোলে ।

মাজুলীত বীৰ লাচিত সেনাৰ প্রতিবাদ

লগতে পঢ়কঃ ক'ভিড ৰোগীলৈ অসমীয়া সুস্বাদু পিঠা-পনা

ABOUT THE AUTHOR

...view details