মাজুলী, ১৫ জানুৱাৰী :আজি ভোগৰ উৎসৱ ভোগালী বিহু (Bhogali Bihu celebrated in Assam) । ভোগ আৰু আনন্দৰ উৎসৱ এই মাঘ বিহু বাহু ভোগালী বিহু । শনিবাৰে নিশা উৰুকাৰ আনন্দ উপভোগৰ পিছত আজি ৰাজ্যজুৰি পালন কৰা হৈছে মাঘৰ সংক্ৰান্তিত ভোগালী বিহু (Uruka celebrated with tradition in Assam) ।
ভোগৰ ভোগজৰাটি লৈ পুনৰ আহিছে ভোগালী বিহু । অসমীয়া জাতিৰ প্ৰাণ, অসমীয়াৰ মান, কৃষিজীৱী চহা গঞাৰ হৃদস্পন্দন হৈছে এই ভোগালী বিহু । ভোগালী মানে ভোগৰ উছৱ, ভোগ ভাগ-বতৰা কৰাৰ এক কৌটিকলীয়া পৰম্পৰা । এই পৰম্পৰা আৰু তাৰ আঁচলত ধৰি অহা লোকাচাৰৰ মেটমৰা সম্ভাৰৰ অসমীয়া কৃষ্টি-সংস্কৃতিৰ উৰ্বৰা ভঁৰাল । হেঁপাহৰ সোণগুটি ভঁৰালত সোমাওঁ কি নোসোমাওঁতেই কৃষিজীৱী চহা গঞাই লখিমীক আদৰাৰ পৰম্পৰা হৈছে ভোগালী বিহু ।
দুখ-ভাগৰ, বেদনা-কষ্ট, অভাৱ-অনাটন সকলো কাটি কৰি এক নতুন জীৱনৰ পণ লোৱাৰ উছৱ হৈছে এই ভোগালী বিহু (Magh Bihu celebrated in Assam) । পুহৰ নিহালি কাটি কৰি মাঘৰ বিহুৰে ব'হাগলৈ বাট বুলাৰ প্ৰতিশ্ৰুতি । আজি সমগ্ৰ ৰাজ্য বুৰ গৈ আছে ভোগালীৰ ভোগ আৰু আনন্দত । ব্যতিক্ৰম নহয় সত্ৰ নগৰী মাজুলীও ।
অসমীয়াৰ বাপতি সাহোন ভোগালী বিহুক লৈ উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ ৰাজ্যতে । ভোগালী বিহুৰ লগতে আজি মকৰ সংক্ৰান্তিও (Makar Sankranti celebrated in Assam) । সেই উপলক্ষে সমগ্ৰ ৰাজ্যৰ লগতে নদীদ্বীপ মাজুলীৰ বিভিন্ন প্ৰান্ত তথা মাজুলীৰ সত্ৰানুষ্ঠানসমূহতো উলহ-মালহেৰে পুৱতিনিশা মেজি জ্বলাই উদযাপন কৰে মাঘৰ বিহু ৷ এয়া হৈছে মাজুলীৰ ঐতিহাসিক দক্ষিণপাট সত্ৰৰ দৃশ্য (Bhogali Bihu celebrated in Dakhinpat Satra Majuli) ।