মাজুলী, 8 আগষ্ট : পূৱ মাজুলীৰ বনগাঁৱত সোমবাৰে জাপান কাৰাটে এছ’চিয়েচনৰ(Japan Karate Association Majuli district Committee) মাজুলী শাখাৰ প্ৰশিক্ষাৰ্থীসকলক বেল্ট আৰু মানপত্ৰ প্ৰদান কৰা হয় । এই উপলক্ষে বনগাঁও গাঁও পঞ্চায়তৰ সভাকক্ষত এখন সভা অনুষ্ঠিত কৰা হয় । জাপান কাৰাটে এছ’চিয়েচন সন্থাৰ সম্পাদকে আঁত ধৰা সভাখনৰ সভাপতি হিচাপে পৰিচালনা কৰে পূৱ মাজুলী কাৰাটে সন্থাৰ সভাপতি পূৰ্ণ শইকীয়াই ।
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিৰচিত বৰগীতেৰে মঞ্চ মুকলি হোৱা সভাখনত বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকি বক্তব্য আগবঢ়াই মাজুলীৰ বিধায়ক ভুৱন গামে(Majuli MLA Bhuban Game) । উক্ত অনুষ্ঠানত জাপান কাৰাটে এছ’চিয়েচনৰ মাজুলীৰ প্ৰশিক্ষাৰ্থীসকলক বিধায়ক ভুৱন গামে বেল্ট আৰু মানপত্ৰ প্ৰদান কৰে ।