এখন প্ৰাচীন সত্ৰ আৰু এজোপা কৰ্দৈগছৰ 370 বছৰীয়া ঐতিহ্য - প্ৰবাদ অনুসৰি এই কৰ্দৈ বৃক্ষ আৰু সত্ৰৰ পৰাই আৰম্ভ হৈছিল মহাপুৰুষ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা উদ্ধাৰৰ কাহিনী
ইতিহাস প্ৰসিদ্ধ কৰ্দৈ গছজোপাৰে আছে এখন প্ৰাচীন সত্ৰ ৩৭০ বছৰীয়া ঐতিহ্য । যি স্থানৰ পৰা আই কনকলতাই অন্বেষণ কৰিছিল বটদ্ৰৱা থান উদ্ধাৰৰ প্ৰচেষ্টা।
বৰদোৱা, 9 চেপ্তেম্বৰঃ ইতিহাস প্ৰসিদ্ধ কৰ্দৈ গছজোপাৰে আছে এখন প্ৰাচীন সত্ৰ ৩৭০ বছৰীয়া ঐতিহ্য । যি স্থানৰ পৰা আই কনকলতাই অন্বেষণ কৰিছিল বটদ্ৰৱা থান উদ্ধাৰৰ প্ৰচেষ্টা। প্ৰবাদ অনুসৰি এই কৰ্দৈ বৃক্ষ আৰু সত্ৰৰ পৰাই আৰম্ভ হৈছিল মহাপুৰুষ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা উদ্ধাৰৰ কাহিনী । গুৰুজনাৰ মহাপ্ৰয়াণৰ পাছত কালিন্দী আইৰ মুখত বটদ্ৰৱাৰ ভৌগোলিক অৱস্থান আৰু অৱস্থিতিৰ কথা শুনি গুৰুজনাৰ নাতি বোৱাৰী আই কনকলতাই স্বৰ্গদেউ জয়ধ্বজ সিংহৰ ৰাজত্ব কালত জলপথেৰে আহি উপস্থিত হৈছিল এই স্থানতে ৷ এই ঠাইখিনিৰ নাম হৈছে কুঁজি । গুৰুজনাৰ ভাগিন নাতি দামোদৰ আতাৰ সৈতে আহি নিশা ইয়াতেই । অন্ন প্ৰস্তুত কৰিবলৈ কৰ্দৈ গছৰ তলত তিনিটা খুটি পুটি চৰু বঢ়াই প্ৰস্তুত কৰিছিল অন্ন । অন্ন গ্ৰহণৰ পাছত নিয়ম অনুসৰি নিশাই তাৰে দুটা খুঁটি উভালি পেলাইছিল আৰু এটা খুঁটি ৰাখি তাতেই থৈছিল । পুৱা সাৰ পাই আইৰ লগত অহা ভক্ত সকলে আশ্বৰ্য্য জনক ভাবে আধা পোৰা কৰ্দৈ খুটিৰ পৰা গজালি ওলোৱা প্ৰত্যক্ষ কৰিছিল । পৰৱৰ্তী পৰ্যায়ত আই কনকলতাই সেই ঠাই খনৰ পৰাই উত্তৰে জলপথেৰে গৈ বটদ্ৰৱা থান উদ্ধাৰ কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম স্থান বটদ্ৰৱা থান ন-কৈ গঢ় দিছিল । আৰু সেই গজালি ওলোৱা আধা পোৰা কৰ্দৈ বৃক্ষলৈ ৰূপান্তৰিত হৈ বৰ্তমানেও বিদ্যমান হৈ আছে এই ঠাইত । এইয়াই হৈছে আই কনকলতা আৰু দামোদৰ আতাই প্ৰতিষ্ঠা কৰা ঐতিহ্যমণ্ডিত কুঁজি সত্ৰ
TAGGED:
BATADRAWA ANCIENT TREE