নিউজ ডেস্ক, 16 এপ্ৰিলঃসমগ্ৰ ৰাজ্যত প্ৰলংকাৰী ধুমুহা বতাহে বেয়াকৈ জােকাৰি যায় ৷ উজনিৰ পৰা নামনি লৈকে সকলোতে ঘূৰ্ণী বতাহৰ তাণ্ডৱ ৷ মাজুলিত বিদ্যুতৰ খুটা গছ গছনি উঘালি তচনচ কৰাৰ লগতে বহু ঘৰ বাৰী বিনষ্ট কৰে ৷
মাজুলী ,গাোলাঘাট , জনীয়া ধুমুহাৰ সংহাৰ মাজুলীঃ আনহাতে মাজুলীলৈ বুলি বিয়লি প্ৰায় ৪ বজাত অহা এখন ফেৰী তিনিঘন্টা ধৰি ব্ৰহ্মপুত্ৰৰ মাজত ধুমুহাৰ বাবে দিশহাৰা হৈ থাকিব লগা হয় । ১৬ এপ্ৰিলত মাজুলীলৈ মুখ্যমন্ত্ৰী অহাৰ কথা আছিল ৷ সেই বাবে বুধবাৰে অসম ক্ৰিকেট সন্থাৰ সভাপতি ৰমেন দত্ত,বিজেপি নেতা মনোজ বৰা,বিজেপি কাৰ্যকৰ্তা লক্ষজিৎ হাজৰিকা,পৰশ প্ৰতিম শইকীয়াসহ ৫ জন কৰ্মচাৰীৰ লগতে গড়মূৰ সৰু সত্ৰৰ সত্ৰাধিকাৰ হৰিদেৱ গোস্বামীয়ে যাত্ৰা কৰিছিল ফেৰীখনত ৷ ৰত্নেশ্বৰ হাজৰিকাৰ ফেৰীত অহা লোককেইজন প্ৰচণ্ড ধুমুহাৰ ফলত আতংকিত হৈ ব্ৰহ্মপুত্ৰৰ মাজৰ এটা অজ্ঞাত চাপৰিত আবদ্ধ হৈ পৰে ৷
মাজুলী ,গাোলাঘাট , জনীয়া ধুমুহাৰ সংহাৰ গোলাঘাটঃআনহাতে গোলাঘাটত প্ৰচণ্ড ধুমুহাৰ তাণ্ডৱে বিস্তৰ ক্ষতি সাধন কৰে। ধুমুহাৰ ফলত ধোদৰ আলিত গছ পৰি পথ বন্ধ হৈ পৰে। বহু লোকৰ ঘৰৰ টিং উৰুৱাই নিয়াৰ উপৰিও প্ৰবল বতাহে ঘৰ ভাঙি পেলাই। গোলাঘাটৰ আধাৰসত্ৰত ধুমুহাৰ ফলত ব্ৰইলাৰ ফাৰ্মৰ বিস্তৰ ক্ষতি সাধন হয়। উল্লেখ্য যে ধুমুহাৰ ফলত সমগ্ৰ জিলাখনত বিদ্যুৎ সেৱা ব্যাহত হৈ পৰে। বজ্ৰপাতত দুটি পশুধনৰ মৃত্যুৰ লগতে আহত হয় এজন লোক ৷
ৰূপহীহাটঃ ইপিনে ধুমুহাই নগাঁৱৰ ৰূপহীহাটত বহু ঘৰ ভঙাৰ লগতে উৰুৱাই নিয়ে ঘৰৰ টিনপাত ৷ বতাহৰ মাজতে ৰূপহীহাটৰ জুৰীয়াত বজ্ৰপাতত এজন যুৱক আহত হোৱাৰ লগতে মৃত্যু হয় দুই পশুধনৰ ৷ আহত যুৱকজন চিতলমাৰী পথাৰৰ নেকিবুৰ ৰহমান ৷ পথাৰৰ পৰা গৰু আনিবলৈ যাওতেই হঠাতে বজ্ৰপাত পৰি গুৰুতৰ ভাৱে আহত হয় যুৱকজন ৷ সংকটজনক অৱস্থাত যুৱকজনক নগাঁৱলৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় ৷
মাজুলী ,গাোলাঘাট , জনীয়া ধুমুহাৰ সংহাৰ জনীয়া,বৰপেটাঃজনীয়াৰ ইটাৰ ভাটাৰ স্বত্বাধিকাৰ ইছলাম হুছেইনৰ অমানৱীয় কৰ্ম কাণ্ডই সচেতন মহলক ব্যথিত কৰি তুলিছে। ইটাৰ ভাটাটোত কণ কণ শিশুসহ অৰ্ধশতাধিক শ্ৰমিক ভয়লগা পৰিস্থিতিত বন্দীত্বৰ জীৱন কটাই আহিছে। শ্ৰমিকসকলৰ মাজত তীব্ৰ খাদ্য সংকটে দেখা দিছে লক ডাউনৰ ফলত। ইপিনে ধুমুহাই উৰুৱাই নিলে চালৰ টিন ফলত তেওঁলোকে এক অৱৰ্ণনীয় পৰিস্থিতিৰ মাজত থাকিব লগীয়া হৈছে ৷ লগতে পঢক :
হায়দৰাবাদত থকা বৰাকৰ বহু যুৱক যুৱতী বিপদত