অসম

assam

ETV Bharat / state

Fraudster Arrested in Majuli : ভুৱা বিত্তীয় প্ৰতিষ্ঠান খুলি আৰক্ষীৰ জালত প্ৰৱঞ্চক - মাজুলী আৰক্ষী

আৰক্ষীৰ জালত ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ প্ৰৱঞ্চক CEO ৷ YESS MONEY DIGITAL নামৰ তথাকথিত এটা বিত্তীয় প্ৰতিষ্ঠানে মাজুলীত পেলাইছিল প্ৰৱঞ্চনাৰ জাল ৷

Bank Fraud Arrested in Majuli
প্ৰৱঞ্চনাৰ জাল

By

Published : Aug 12, 2023, 5:53 PM IST

আৰক্ষীৰ জালত ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ প্ৰৱঞ্চক CEO

মাজুলী, 12 আগষ্ট : মাজুলীত ভুৱা বিত্তীয় প্ৰতিষ্ঠানেৰে প্ৰৱঞ্চনাৰ জাল ৷ আৰক্ষীৰ জালত ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ প্ৰৱঞ্চক CEO ৷ প্ৰৱঞ্চনাৰ তথ্য উলিয়াই দিবলৈ আৰক্ষীক ছেলেঞ্জ ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ প্ৰৱঞ্চক CEOৰ ৷ ইতিমধ্যে মাজুলী আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে প্ৰৱঞ্চকটোক ৷

উল্লেখ্য যে, YESS MONEY DIGITAL নামৰ তথাকথিত এটা বিত্তীয় প্ৰতিষ্ঠানে মাজুলীত পেলাইছিল প্ৰৱঞ্চনাৰ জাল ৷ মাজুলী একাংশ সহজ-সৰল গাঁৱৰ মানুহক চলাহী কথাৰে জালত পেলাইছিল নিজকে প্ৰতিষ্ঠানটোৰ CEO বুলি পৰিচয় দিয়া প্ৰৱঞ্চক বনমালী হাজৰিকাই ৷ নিজকে বেংকৰ বিষয়া বুলি পৰিচয় দি গাঁৱৰ সহজ-সৰল মানুহক বেংকে বিভিন্ন আঁচনিৰ সুবিধা প্ৰদান কৰিব বুলি প্ৰলোভন দিছিল প্ৰৱঞ্চকটোৱে ৷ গাঁৱ গাঁৱে গৈ সহজ-সৰল গাঁওবাসীক ফি'ক্সড ডেপ’জিট, ছেভিংছ একাউণ্ট আৰু লোণ লোৱাৰ ক্ষেত্ৰত কোনো নথি-পত্ৰৰ প্ৰয়োজন নাই বুলি ৰাইজৰ মাজত প্ৰচাৰ চলাইছিল ভুৱা বেংক কৰ্মচাৰীয়ে ৷

নামনি মাজুলীত পূৰ্বেও এনেধৰণৰ একাধিক ঘটনা সংঘটিত হৈছে ৷ Yess Money Digital নামৰ ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ এই মহা প্ৰৱঞ্চটোক 2022 চনৰ 8 ডিচেম্বৰ তাৰিখে গুৱাহাটীত অৰ্থনৈতিক অপৰাধ তদন্ত সংস্থা অসমে গ্ৰেপ্তাৰ কৰি জেললৈ নিক্ষেপ কৰিছিল ৷ ইয়াৰ ঠিক ছমাহ পিচত মাজুলীত একেটা মহা প্ৰৱঞ্চকে YESS MONEY DIGITAL বেংকৰ নামেৰে এটা ভুৱা বিত্তীয় প্ৰতিষ্ঠান মাজুলীৰ কাকৰিকতাত খুলি মাজুলীৰ সহজ-সৰল ৰাইজক লুণ্ঠনৰ প্ৰচেষ্টা চলায় ৷

বৰ্তমানলৈকে গড়মূৰ আৰক্ষীয়ে প্ৰতিষ্ঠানটোৰ 62 টা একাউণ্ট জব্দ কৰাৰ লগতে নগদ 90 হাজাৰ টকা জব্দ কৰিবলৈ সক্ষম হৈছে ৷ মহা প্ৰৱঞ্চক বনমালী হাজৰিকাই মাজুলীত বেংকৰ এজেন্ট নিয়োগৰ নামত প্ৰতি গৰাকী এজেন্টৰ পৰা 10 হাজাৰ টকাকৈ সংগ্ৰহ কৰাৰ তথ্যও পোহৰলৈ আহিছে ৷ বর্তমান গড়মূৰ আৰক্ষী থানাত জিলা আৰক্ষী অধীক্ষক আৰু উপ-আৰক্ষী অধীক্ষকে মহা প্ৰৱঞ্চক বনমালী হাজৰিকাক সোধা-পোছা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷

আৰক্ষী অধীক্ষ বিবেকানন্দ দাসে এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৷ ঘটনা সন্দৰ্ভত ইতিমধ্যে গড়মূৰ আৰক্ষী থানাত 49/23 নম্বৰত এটা নিজা গোচৰ গড়মূৰ আৰক্ষীয়ে ৰুজু কৰিছে ৷ ভাৰতীয় দণ্ডবিধি আইন 120B , 406, 420 IPC Red with Sec. 4, 5, 6 Banning ACT 1978 ধাৰাত গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক :Bank fraud in police traps : মাজুলী আৰক্ষীৰ জালত ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ CEO

ABOUT THE AUTHOR

...view details