মাজুলী, 12 জানুৱাৰী :ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মাজুলীৰ প্ৰতিখন আৰক্ষী চকীত আয়োজন কৰা হয় জিলা প্ৰশাসনৰ সজাগতা সভা(Awareness programme to enlighten the public) । ব্যৱসায়ী সন্থা ,গাঁও প্ৰধান, গাঁৱৰক্ষী বাহিনীৰ বিশিষ্ট নাগৰিককে কেন্দ্ৰ কৰি অনুষ্ঠিত কৰা হয় এই সভা ৷ শেহতীয়াকৈ গড়মূৰ আৰক্ষী চকীত আয়োজিত এখন সজাগতা সভাত জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ ক’ভিড সংক্ৰান্তীয় বিশেষ নিৰ্দেশনা সমূহ উপস্থিত সকলক অৱগত কৰা হয় ৷
বিশেষ নিৰ্দেশনা অনুসৰি মাক্স পৰিধান নকৰা ব্যৱসায়ীয়ে ভৰিব লাগিব ২৫ হাজাৰ টকা জৰিমনা ৷ তাৰোপৰি ব্যৱসায়িক প্ৰতিষ্ঠান সম্পূৰ্ণ বন্ধ কৰি দিয়াৰো কঠোৰ সকিয়নি প্ৰদান ৷ ইয়াৰ লগতে যাত্ৰীবাহী বাহনৰ চালকেও পৰিধান কৰিব লাগিব মাক্স । অন্যথা পৰিবহণ বিভাগে বাহনৰ অনুজ্ঞা পত্ৰ জব্দ কৰাৰ লগতে বাতিল কৰাৰো সকিয়নি প্ৰদান ।