মাজুলী,27 অক্টোবৰঃ মাজুলীৰ মুখাশিল্প বিশ্ববিখ্যাত ৷ সময়ে সময়ে এই মুখা শিল্পৰ যোগেদি মুখা শিল্পীসকলে বিভিন্ন সামাজিক বাৰ্তা দিয়ে জনসাধাৰণক ৷ এই দীপাৱলীতো মুখা শিল্পীসকলে এক বিশেষ আহ্বান ৰাখিছে জনসাধাৰণৰ ওচৰত ৷ পোহৰৰ এই উৎসৱটিত নতুন চামগুৰি সত্ৰৰ চৌহদত এনেদৰে মুখা অভিনয়ৰে মাজুলীৰ লগতে ৰাজ্য তথা দেশবাসীৰ প্ৰতি দিপাৱলীক আতংকৰ উৎসৱ নকৰিবলৈ আহ্বান জনাইছে এই সকল শিল্পীয়ে ৷
আতংক নহয়, দীপাৱলী হওক কেৱল পোহৰৰ উৎসৱ ! - island majuli latest news
দীপাৱলী কোনো আতংক নহয় , দীপাৱলী কেৱল পোহৰৰ হে উৎসৱ ৷ উচ্চ প্ৰাৱল্যৰ আতচবাজী বৰ্জন কৰি প্ৰদূষণমুক্ত কৰি ৰাখক আমাৰ পৃথিৱী ৷ মুখাশিল্পৰ জৰিয়তে এই আহ্বান মাজুলীৰ মুখাশিল্পীসকলৰ ৷
মাজুলীৰ মুখাশিল্পীৰ আহ্বান
মুখাশিল্পীসকলে ৰাজ্য তথা দেশবাসীক উদ্দেশ্য কৰি কয় যে, দেৱালী হওক পোহৰৰ উৎসৱ, উচ্চ প্ৰাৱল্যৰ আতচবাজী বৰ্জন কৰি প্ৰদুষণ মুক্ত কৰি ৰাখক আমাৰ পৃথিৱী । মুখাশিল্পৰ জৰিয়তে আতচবাজীৰ জৰিয়তে পশু-পক্ষীৰ অনিষ্ট নকৰিবলৈ আহ্বান এইসকল মুখা শিল্পীৰ ৷ বিশেষকৈ শীতৰ আগমনৰ লগে লগে আলহী পক্ষীৰ কলৰৱৰে মুখৰিত হয় মাজুলী । প্ৰকৃতিৰ ৰম্যভূমি শান্তিপ্ৰিয় মাজুলীক ফটকা ফুটাই প্ৰদূষিত নকৰাৰ লগতে জীৱকুলক খেদি নপঠাবলৈ আহ্বান মুখাশিল্পী সকলৰ ।
Last Updated : Oct 28, 2019, 7:49 PM IST