মাজুলী, 22 জুলাই :মাজুলীবাসীৰ সপোন তথা পৰ্যটনৰ ক্ষেত্ৰত অধিক সম্ভাৱনা থকা যোৰহাট-মাজুলী সংযোগী দলঙৰ নিৰ্মাণ কাৰ্য ক্ষীপ্ৰ গতিত আগবঢ়াবলৈ আহ্বান জনাইছে সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক সমিতিয়ে ৷ নিৰ্ধাৰিত সময়ৰ ভিতৰত যাতে দলংখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হয়, তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈও চৰকাৰক দাবী জনাইছে আছুৱে ৷ বৃহস্পতিবাৰে দিনজোৰা কাৰ্যসূচীৰে মাজুলীত উপস্থিত হয় সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ লগতে ছাত্ৰ সন্থাৰ এটা সঁজাতি দল ৷
দলটো উপস্থিত হোৱাৰ পাচতে মাজুলী-যোৰহাট সংযোগী দলঙৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰে আছুৰ সঁজাতি দলটোৱে ৷ ইয়াৰ লগতে নিৰ্মাণকাৰী কোম্পানীৰ বিষয়াৰ লগত মত বিনিময় কৰে আছুৰ সাধাৰণ সম্পাদক গৰাকীয়ে ৷ পৰিদৰ্শন কালত আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই কয়, মাজুলীবাসীয়ে বহু কষ্টৰ বিনিময়ত এই দলংখন পাবলৈ সক্ষম হৈছে ৷ সেয়েহে মাজুলীবাসীয়ে দলঙৰ নিৰ্মাণ কাৰ্যত তীক্ষ্ণ নজৰ ৰাখিব লাগিব ৷