মাজুলী, 20 জানুৱাৰীঃমাজুলীৰ অংগনবাদী কেন্দ্ৰসমূহত কণকণ শিশুসকলৰ উপযুক্ত পৰিচৰ্যা, পৰিপুষ্টিৰ লগতে খেল-ধেমালিৰ পৰ্যাপ্ত সুবিধা নিশ্চিত কৰিবলৈ এক অভিলাষী প্ৰকল্প গ্ৰহণ কৰিছে জিলা প্ৰশাসনে । নদীদ্বীপ জিলাখনৰ অংগণবাদী কেন্দ্ৰসমূহৰ আন্তঃগাঠনি উন্নীত কৰি আকৰ্ষণীয়, পৰিষ্কাৰ-পৰিচ্ছন্ন ৰূপত গঢ়াৰ লক্ষ্যৰে উপায়ুক্ত শ্ৰীবিক্ৰম কৈৰীৰ তত্বাৱধানত জিলা প্ৰশাসনে 'কিশলয়' (প্ৰজেক্ট কিশলয়) শীৰ্ষক এটা গুৰুত্বপূৰ্ণ প্ৰকল্প কাৰ্যৰূপায়ণৰ বাবে ব্যৱস্থা হাতত লৈছে ।
মাজুলীত পেলনীয়া প্লাষ্টিকৰ বটলেৰে নিৰ্মান অংগনবাদী কেন্দ্ৰঃ দেশজুৰি চৰ্চা - মাজুলীত প্লাষ্টিকৰ বটলেৰে অংগনবাদী কেন্দ্ৰ
প্ৰতিটো কেন্দ্ৰৰে চৌহদত থাকিব পুষ্টিকৰ শাক-পাচলি তথা ফল-মূলৰ বাগিচাও। ইতিমধ্যে প্ৰাৰম্ভিক পৰ্যায়ত বাচনি কৰি উলিওৱা ৪৫টা অংগনবাদী কেন্দ্ৰৰ ভিতৰৰে চাৰিটা কেন্দ্ৰত প্ৰজেক্ট কিশলয়'ৰ অধীনত অংগনবাদী গৃহ উন্নীতকৰণৰ কামো আৰম্ভ কৰিছে জিলা প্ৰশাসনে।
বিগত বৰ্ষৰ ২২ অক্টোবৰ, পৰা আৰম্ভ হোৱা এই প্ৰকল্পৰ প্ৰথম পৰ্যায়ত নিজস্ব গৃহ নথকা আৰু জৰাজীৰ্ণ গৃহতে চলি থকা ১০০টা নিৰ্বাচিত অংগনবাদী কেন্দ্ৰৰ আন্তঃগাঠনি উন্নীতকৰণৰ পৰিকল্পনা হাতত লোৱা হৈছে । এই অংগনবাদী কেন্দ্ৰসমূহত শিশুৰ বাবে অনুকূল পৰিবেশৰ নতুন অংগনবাদী-গৃহ নিৰ্মাণ কৰা হ'ব । এই নতুন অংগনবাদী-গৃহসমূহৰ প্ৰতিটোতে শ্ৰেণীকোঠাৰ ভিতৰখন শিশুমনক আলোড়িত কৰিব পৰাকৈ আকৰ্ষণীয় গৃহসজ্জা তথা দেৱাল-অংকনেৰে সুশোভিত কৰি তোলা হ'ব। তদুপৰি প্ৰতিটো কেন্দ্ৰতে সুকীয়াকৈ শিশুৰ বাবে উপযোগী প্ৰসাধন-কক্ষ, ৰান্ধনিগৃহ থকাৰ উপৰি খেলা-ধূলাৰ বাবেও পৰ্যাপ্ত সমলেৰে কেন্দ্ৰটি সমৃদ্ধ কৰা হ'ব । তদুপৰি, প্ৰতিটো কেন্দ্ৰৰে চৌহদত থাকিব পুষ্টিকৰ শাক-পাচলি তথা ফল-মূলৰ বাগিচাও। ইতিমধ্যে প্ৰাৰম্ভিক পৰ্যায়ত বাচনি কৰি উলিওৱা ৪৫টা অংগনবাদী কেন্দ্ৰৰ ভিতৰৰে চাৰিটা কেন্দ্ৰত প্ৰজেক্ট কিশলয়'ৰ অধীনত অংগনবাদী গৃহ উন্নীতকৰণৰ কামো আৰম্ভ কৰিছে জিলা প্ৰশাসনে।
লগতে পঢ়কঃ ৰাজনৈতিক ৰাজ্যপাল