মাজুলী,4 জানুৱাৰীঃ বিশ্বায়নৰ যুগত সময়ৰ সোঁতত অসমীয়া গ্ৰামীণ সমাজৰ পৰা হেৰাই গ'ল বহু পৰম্পৰা। হেৰাই গ'ল জুহাল,পাকঘৰৰ ব্যৱস্থা। অসমীয়াৰ জুহালৰ লগত সংপৃক্ত হৈ আছিল অসমীয়া সমাজৰ বহু পুৰণি সংস্কৃতি আৰু খাদ্য সম্ভাৰ। এই জুহালৰ অভাৱত হেৰাই গ'ল এসময়ৰ প্ৰতিটো অসমীয়া পৰিয়ালৰ এৰাব নোৱাৰা পৰম্পৰা চুঙাপিঠা। বৰ্তমান নতুন চামৰ বাবে অচিনাকি সংস্কৃতিত পৰিণত এই চুঙাপিঠাক ধৰি ৰাখি নতুন প্ৰজন্মক এনে পৰম্পৰাৰ লগত পৰিচয় কৰি দিয়াৰ বাবে মাজুলীৰ বনগাঁও শংকৰদেৱ শিশু নিকেতনত চলিছে ব্যাপক আয়োজন।
মাজুলীৰ বিদ্য়ালয়ত চুঙাপিঠা উৎসৱ - পাকঘৰ
মাজুলীৰ এখন বিদ্যালয়ত চলিছে চুঙাপিঠা উৎসৱ । অসমীয়া খাদ্য সম্ভাৰৰ অংশ চুঙা পিঠাৰ লগত ছাত্ৰ-ছাত্ৰীক পৰিচয় কৰাৰ উদ্দেশ্যেৰে এই বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে মাজুলীৰ বনগাঁও শংকৰদেৱ শিশু নিকেতনৰ শিক্ষক-শিক্ষয়ত্ৰীয়ে ৷
বিদ্যালয়খনত শনিবাৰে অভিভাৱক,মাতৃ,ছাত্ৰ-ছাত্ৰী সকলে সমবেত হৈ বাঁহ কাটি চুঙা বনোৱা। পিঠাগুৰি খুন্দি চুঙাত ভৰোৱা,চুঙা পোৰা আৰু তাৰ সোৱাদ লোৱা কাৰ্যত জড়িত হৈ পৰে সকলো । বিদ্যালয়খনৰ আচাৰ্যসকলে গাঁৱৰ জ্যেষ্ঠ জনক মাটি আনি ছাত্ৰ ছাত্ৰী সকলক চুঙা পিঠাৰ সম্পূৰ্ণ প্ৰস্তুত প্ৰণালী শিক্ষা দান দিয়ে। অসমীয়া খাদ্য সম্ভাৰৰ অন্যতম খাদ্য চুঙা পিঠাৰ লগত পৰিচয় কৰি দিয়া কাৰ্যই যে ছাত্ৰ-ছাত্ৰী সকলক হেৰাই যোৱা অসমীয়া পৰম্পৰাৰ লগত চিনাকি কৰি দিছে। উৎফুল্লিত ছাত্ৰ ছাত্ৰীসকলে জুহালৰ কাষত শীতৰ বতৰত বিহু গীত জুৰিলে। বিদ্যালয় খনৰ এই কাৰ্যক উচ্চ প্ৰশংসা কৰিছে সচেতন লোকে।
লগতে পঢ়কঃ জামিন লাভ কৰিলে প্ৰাক্তন আলফা নেতা জিতেন দত্তই