অসম

assam

ETV Bharat / state

শিক্ষকৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ

মাজুলীৰ সত্ৰৰ ৫০০ বছৰীয়া ধৰ্মীয় পৰম্পৰাক উপলুঙা কৰা শিক্ষক প্ৰশান্ত দোলাকাষৰীয়াক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি উচিত শাস্তিৰ দাবীত উত্তাল প্ৰতিবাদ ছাত্ৰ-ছাত্ৰীৰ ।

By

Published : Apr 30, 2019, 3:03 PM IST

শিক্ষকৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ

মাজুলী, ৩০ এপ্ৰিলঃ মাজুলীৰ আউনীআটি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰশান্ত দোলাকাষৰীয়াৰ বিৰুদ্ধে প্ৰতিবাদ । একাংশ সত্ৰৰ ছাত্ৰক শিক্ষকজনে চুলি কটাৰ বিৰুদ্ধে প্ৰতিবাদ ছাত্ৰ-ছাত্ৰীৰ ।

শিক্ষকৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ

উল্লেখ্য যে, শনিবাৰে আউনীআটি উচ্চ মাধ্যমিক বিদ্যালয়ৰ একাংশ সত্ৰৰ বৈষ্ণৱ ছাত্ৰক বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰশান্ত দোলাকাষৰীয়াই কেচিৰে বখলা বখলকৈ চুলি কাটি দিছিল। মাজুলীৰ সত্ৰৰ ৫০০ বছৰীয়া ধৰ্মীয় পৰম্পৰাক উপলুঙা কৰা শিক্ষক প্ৰশান্ত দোলাকাষৰীয়াৰ এই কাৰ্যত ক্ষুব্ধ হৈ পৰিছে মাজুলী ছাত্ৰ সন্থাৰ লগতে সকলো দল সংগঠনৰ তথা বৈষ্ণৱ সকল । উক্ত ঘটনাৰ বাবে ছাত্ৰ- সন্থাৰ লগতে ছাত্ৰ-ছাত্ৰী আৰু সত্ৰ-বৈষ্ণৱ সকলে কমলাবাৰী চাৰিআলিত শিক্ষকজনৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহন কৰে । অতি শীঘ্ৰে আৰক্ষী তথা জিলা প্ৰশাসনকে প্ৰধান শিক্ষকজনক গ্ৰেপ্তাৰ কৰি উচিত শাস্তিৰ দাবীত পৰিবেশ উত্তাল কৰি তোলে ।

আৰু পঢ়ক- কোকৰাঝাৰত এবছুৰ কৰ্মীৰ ওপৰত আক্ৰমণত বড়োলেণ্ড ছাত্ৰ সন্থা জড়িত থকাৰ কথা অস্বীকাৰ সংগঠনটোৰ

ABOUT THE AUTHOR

...view details