অসম

assam

ETV Bharat / state

Majuli By Election 2022: ৭ মাৰ্চত কৰ্মচাৰীৰ বাবে বেতনসহ বন্ধ ঘোষণা - paid holiday on March 7 in Majuli

৭ মাৰ্চত অনুষ্ঠিত হ'ব মাজুলীৰ উপ-নিৰ্বাচন ৷ উপনিৰ্বাচনৰ দিনা সমষ্টিটোৰ অন্তৰ্গত সকলো কাৰখানা, দোকান আৰু বাণিজ্যিক প্ৰতিষ্ঠান, ৰাজহুৱা আৰু এনেধৰণৰ অন্যান্য উদ্যোগৰ ভোটদানৰ যোগ্য কৰ্মচাৰীসকলে বেতনসহ লাভ কৰিব বন্ধ(paid holiday on March 7 in Majuli) ।

assam-govt-declares-paid-holiday-on-march-7-in-majuli-for-byelections
৭ মাৰ্চত কৰ্মচাৰীৰ বাবে বেতনসহ বন্ধ ঘোষণা

By

Published : Mar 4, 2022, 8:20 PM IST

Updated : Mar 4, 2022, 10:09 PM IST

গুৱাহাটী, ৪ মাৰ্চ : ৭ মাৰ্চত অনুষ্ঠিত হ'বলগীয়া মাজুলীৰ উপনিৰ্বাচনৰ বাবে জনপ্ৰতিনিধিত্ব আইন, ১৯৫১ৰ ধাৰা ১৩৫ বি-ৰ আধাৰত বেতনসহ উক্ত দিনা বন্ধৰ ঘোষণা কৰা হৈছে । ৭ মাৰ্চত সমষ্টিটোৰ অন্তৰ্গত সকলো কাৰখানা, দোকান আৰু বাণিজ্যিক প্ৰতিষ্ঠান, ৰাজহুৱা আৰু অন্যান্য উদ্যোগৰ কৰ্মচাৰী যিসকলে মাজুলী সমষ্টিৰ উপনিৰ্বাচনত ভোটদানৰ বাবে যোগ্য তেওঁলোকে এই দিনটোত বেতনসহ বন্ধ লাভ কৰিব(paid holiday on March 7 in Majuli for byelections) ।

উপ-নিৰ্বাচনত ভোটদানৰ সুবিধা প্ৰদান কৰাৰ অৰ্থে কৰ্মচাৰীসকলৰ বাবে এই বন্ধ ঘোষণা কৰা হৈছে বুলি এক বিবৃত্তি যোগে সদৰী কৰে ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে(paid holiday on March 7 in Majuli) ।

আনহাতে, উক্ত নিৰ্বাচনী এলেকাৰ সাধাৰণ বাসিন্দা আৰু সেই নিৰ্দিষ্ট নিৰ্বাচনী এলেকাৰ ভোটাৰ হিচাপে পঞ্জীভুক্ত কিন্তু নিৰ্বাচনী এলেকাৰ বাহিৰত অৱস্থিত যিকোনো প্ৰতিষ্ঠানত কৰ্মৰত বা নিযুক্ত ব্যক্তিসকলেও ভোট গ্ৰহণৰ দিনা বেতনসহ এই বন্ধৰ সুবিধা লাভ কৰিব । ইফালে দৈনিক মজুৰীপ্ৰাপ্ত তথা অস্থায়ী শ্ৰমিকসকলেও এই সুবিধা লাভ কৰিব ।

বিবৃত্তিটোত উল্লেখ কৰা অনুসৰি কোনো নিয়োগকৰ্তাই এই বিধান উলংঘা কৰিলে বিহিত শাস্তিৰ যোগ্য হোৱাৰ লগতে ৫০০ টকা লৈকে জৰিমনা বিহা হ’ব বুলি উল্লেখ কৰে ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে৷

লগতে পঢ়ক :এবাৰ হাৰি গাত নালাগিল, পুনৰ হাৰিবলৈ মাজুলীলৈ আহিছে চিত্ৰৰঞ্জন বসুমতাৰী : পীযুষ হাজৰিকা

Last Updated : Mar 4, 2022, 10:09 PM IST

ABOUT THE AUTHOR

...view details