মাজুলী, ২৮ মাৰ্চ:মাজুলীলৈ এখন দলং হ’ব, ফেৰীৰে বিপদসংকুল যাতায়াত কৰা দিনবোৰৰ অন্ত পৰিব ৷ এই সপোন দেখিছিল মাজুলীবাসীয়ে ৷ কিয়নো দুবাৰকৈ আধাৰশিলা স্থাপন কৰা দলংখন অতিসোনকালেই নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিব বুলি আশা কৰা হৈছিল ৷ কিন্তুইটোৰ পিচত সিটো বিসংগতিয়ে লগ নেৰা হৈছে যোৰহাট-মাজুলী সংযোগী দলঙক (Jorhat Majuli bridge update) ৷ মঙলবাৰে দলং নিৰ্মান থলীত বিত্তমন্ত্ৰী অজন্তা নেওগ উপস্থিত হৈ খঙত অগ্নিশৰ্মা হৈ পৰে (Finance Minister Ajanta Neog in Majuli) ৷ দুবছৰত দলংখনৰ মাত্ৰ 7 শতাংশ কামহে সমাপন হৈছে বুলি কৈ ঠিকাদাৰৰ লগতে দলং নিৰ্মাণৰ দায়িত্বত থকা প্ৰতিষ্ঠানটোৰ লোকক ধমক দিয়ে মন্ত্ৰীগৰাকীয়ে (Minister Ajanta Neog anger) ৷
তেওঁ কয়, "এই দলংখনলৈ কেৱল মাজুলীবাসীয়েই নহয় সমগ্ৰ অসমে অপেক্ষা কৰি আছে ৷ কি পদ্ধতি অনলম্বন কৰিলে দলংখনৰ কাম সোনকালে শেষ কৰিব পৰা হ’ব সেই কথা মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক অৱগত কৰিম (Ajanta Neog Visits Jorhat Majuli bridge) ৷ কামবোৰ খৰতকীয়া হ’ব লাগে ৷ অসমত এতিয়া বাৰিষা আহিব, গতিকে বাৰিষাৰ পূৰ্বেই তেওঁলোকে সকলো ধৰণৰ সা-সুবিধা অৱলম্বন কৰিব লাগে ৷’’
মন্ত্ৰীগৰাকীয়ে লগতে কয়, ‘‘ইয়াৰ পূৰ্বেও মই দলং নিৰ্মাণ প্ৰতিষ্ঠানৰ লগত বৈঠকত মিলিত হৈছো, কিন্তু ইয়াৰ পিচতো এইটো গতিত কাম চলি আছে, পৰৱৰ্তী সময়ত মই নিজেই নিতিন গাডকাৰীক লগ ধৰি দলংখনৰ নিৰ্মাণৰ অগ্ৰগতিৰ বিষয়ে জনামগৈ ৷ দলঙৰ কাম অতিকৈ লেহেমীয়া হৈছে ৷ দলং নিৰ্মাণৰ কামত হেমাহি কৰিছে নিৰ্মাণ প্ৰতিষ্ঠানে ৷’’