মাজুলী, 13 অক্টোবৰ: সমাগত লোকসভা নিৰ্বাচন । লোকসভা নিৰ্বাচনৰ বাবে এতিয়া তৎপৰ শাসকীয় দলৰ লগতে বিৰোধী । ইটোৰ পাছত সিটোকৈ কাৰ্যসূচী হাতত লৈছে বিৰোধী দল কংগ্ৰেছে । বাগানে বাগানে কংগ্ৰেছৰ কাৰ্যসূচীৰ পাছত এইবাৰ চাঙে চাঙে কংগ্ৰেছ কাৰ্যসূচী । সত্ৰপীঠ মাজুলীৰ পৰা আৰম্ভ হৈছে এই চাঙে চাঙে কংগ্ৰেছ যাত্ৰা ।
শুকুৰবাৰে ফেৰীৰে পুৱাই মাজুলীত উপস্থিত হৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই নামনি মাজুলীৰ চেলেক খেলপথাৰত অনুষ্ঠিত বিশাল জনসভাত অংশগ্ৰহণ কৰে । ভূপেন বৰাৰ লগত উপস্থিত থাকে বিৰোধী দলপতি দেবব্ৰত শইকীয়া, প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী, প্ৰাক্তন মন্ত্ৰী ৰাজীব লোচন পেগু আৰু মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্য ৷
বিজেপিয়ে নিৰ্বাচনৰ আগত দিয়া ভিজন ডকুমেন্টত উল্লেখ কৰা ব্ৰহ্মপুত্ৰ খনন কৰি নিৰ্মাণ কৰা এক্সপ্ৰেছ হাইৱে’ বিচাৰি চাঙে চাঙে যাব লগা হৈছে কংগ্ৰেছ । কংগ্ৰেছৰ ‘চাঙে চাঙে কংগ্ৰেছ’ কাৰ্যসূচীৰ এয়া উদ্দেশ্য বুলি দলটোৰ সভাপতি ভূপেন বৰাই ভাষণত উল্লেখ কৰে । লগতে তেওঁ কয় যে- এইবাৰ কংগ্ৰেছ শাসনলৈ আহিলে ‘ন লখিমী’ নামেৰে আঁচনি ৰূপায়ন কৰিব । য’ত মহিলাসকলে ২৫০০ টকাকৈ লাভ কৰিব । ইয়াৰোপৰি ২০০ ইউনিট বিদ্যুৎ বিনামূলীয়াকৈ যোগান দিব বুলি প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ভাষণ প্ৰসংগত কয় ।