অসম

assam

ETV Bharat / state

বৰ্ণিল কাৰ্যসূচীৰ মাজুলীত আৰম্ভ অসম ভাওনা সমাৰোহ - সাহিত্যিক ড৹ নগেন শইকীয়া

আউনীআটী সত্ৰৰ উদ্যোগত অষ্টমবাৰৰ বাবে অনুষ্ঠিত হৈছে মাজুলী অসম ভাওনা সমাৰোহ । এই সমাৰোহত ১৪ দিনত ২৮ খন ভাওনা প্ৰদৰ্শিত হ’ব । প্ৰতি নিশা প্ৰদৰ্শন হব দুখনকৈ ভাওনা ।

Assam Bhaona Samaroh opening in Majuli
বৰ্ণিল কাৰ্যসূচীৰ মাজুলীত আৰম্ভ অসম ভাওনা সমাৰোহ

By

Published : Jan 19, 2020, 10:44 PM IST

মাজুলী, 19 জানুৱাৰীঃ মাজুলী আউনীআটী সত্ৰত বৰ্ণিল কাৰ্যসূচীৰে দেওবাৰৰ পৰা অনুষ্ঠিত হৈছে অসম ভাওনা সমাৰোহ । দেশী-বিদেশী হাজাৰ হাজাৰ পৰ্যটকেৰে ভৰি পৰিছে মনি কাঞ্চন ৰঙ্গক্ষেত্ৰ । পূৱাৰে পৰা উখল মাখল পৰিৱেশ বিৰাজ কৰিছে মাজুলী আউনীআটী সত্ৰৰ মনি কাঞ্চন ৰঙ্গক্ষেত্ৰ । আউনীআটী সত্ৰৰ উদ্যোগত অষ্টমবাৰৰ বাবে অনুষ্ঠিত হৈছে মাজুলী অসম ভাওনা সমাৰোহ ।

বৰ্ণিল কাৰ্যসূচীৰ মাজুলীত আৰম্ভ অসম ভাওনা সমাৰোহ

এই সমাৰোহত ১৪ দিনত ২৮ খন ভাওনা প্ৰদৰ্শিত হ’ব । প্ৰতি নিশা প্ৰদৰ্শন হব দুখনকৈ ভাওনা । ‘অসমৰ নামঘৰ সমুহৰ পৰিচয় মূলক ইতিহাস’ৰ প্ৰথম খণ্ড নামৰ এখন গ্ৰন্থ উন্মোচন কৰে সাহিত্যিক ড৹ নগেন শইকীয়াই ৷ বিশিষ্ট সাহিত্যিকগৰাকীয়ে অসমীয়া জাতিৰ সংকটৰ সময়ত ভাওনা সমাৰোহ আৰু নামঘৰ ইতিহাসে নামৰ গ্ৰন্থখনে বিশেষ তাৎপৰ্য বহন কৰা বুলি উল্লেখ কৰে ৷

বৰ্ণিল কাৰ্যসূচীৰ মাজুলীত আৰম্ভ অসম ভাওনা সমাৰোহ

ৰাজ্যৰ বিভিন্ন স্থানৰ দৰ্শনাৰ্থীৰ লগতে বিদেশী পৰ্যটক বিশেষকৈ জাৰ্মানীৰ পৰ্যটকে এই সমাৰোহত অংশগ্ৰহন কৰি অভিভুত হৈ পৰে । আনহাতে বিশিষ্ট সাংবাদিক প্ৰকাশ মহন্তই নামঘৰ ইতিহাস গ্ৰন্থখন সাদিন প্ৰতিদিন গোষ্ঠীয়ে প্ৰকাশৰ দ্বায়িত্ব লৈ জাতীয় দ্বায়বদ্ধতা পালন কৰে বুলি কয় ।

আৰু পঢ়কঃউখল মাখল মহুৰাপথাৰ কাজিৰঙা সমন্বয় ক্ষেত্ৰ

ABOUT THE AUTHOR

...view details