অসম

assam

ETV Bharat / state

Brindavani Bastra : দক্ষিণপাট সত্ৰৰ অনুকৃতিমূলক বৃন্দাবনী বস্ত্ৰৰ সন্দৰ্ভত অসম সত্ৰ মহাসভা - অসম সত্ৰ মহাসভাৰ মূখপাত্ৰ

দক্ষিণপাট সত্ৰৰ অনুকৃতিমূলক বৃন্দাবনী বস্ত্ৰ সন্দৰ্ভত অসম সত্ৰ মহাসভাৰ স্থিতি ঘোষণা ৷ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অসম চৰকাৰৰ অধীনত ৰাখিব লাগিব বৃন্দাবনী বস্ত্ৰ ৷ দাবী মানি ল’লে সত্ৰ মহাসভাই উঠাই ল'ব গোচৰ (Asom Sattra Mahasabha on Brindavani Bastra) ৷

Asom Sattra Mahasabha on Brindavani Bastra
দক্ষিণপাট সত্ৰৰ অনুকৃতিমূলক বৃন্দাবনী বস্ত্ৰ

By

Published : Jun 10, 2023, 2:38 PM IST

দক্ষিণপাট সত্ৰৰ অনুকৃতিমূলক বৃন্দাবনী বস্ত্ৰ

মাজুলী, 10 জুন : দক্ষিণপাট সত্ৰত ইতিমধ্যে নিৰ্মাণ কাৰ্য আৰম্ভ হোৱা গুৰুজনাৰ সৃষ্ট বৃন্দাবনী বস্ত্ৰৰ আৰ্হিৰ অনুকৃতিমূলক বৃন্দাবনী বস্ত্ৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অসম সত্ৰ মহাসভাই ৷ বিষয়টো সন্দৰ্ভত শেহতীয়াকৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি অসম সত্ৰ মহাসভাৰ মুখপাত্ৰ তাৰা নাথ মহন্তই কয় যে, অসম সত্ৰ মহাসভাৰ সৰ্বসন্মতি ক্ৰমে মহাসভাৰ সম্পাদকে অসমৰ মুখ্যমন্ত্ৰীক বৃন্দাবনী বস্ত্ৰ সন্দৰ্ভত সত্ৰ মহাসভাৰ স্থিতিৰ বিষয়ে ইতিমধ্যে জনাইছে । যদি বৃন্দাবনী বস্ত্ৰ খন অসমৰ জাতীয় আন্দোলনৰ ফল শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অসম চৰকাৰৰ অধীনত প্ৰদৰ্শনৰ বাবে যদি ৰখা হয় তেন্তে অসম সত্ৰ মহাসভাই দক্ষিণপাট সত্ৰত নিৰ্মাণ হোৱা অনুকৃতিমূলক বৃন্দাবনী বস্ত্ৰৰ ওপৰত যি গোচৰ তৰা হৈছে সেই গোচৰ মুহূৰ্ততে কাৰ্যকৰী হোৱাকৈ আদালতৰ পৰা উঠাই ল’বলৈ সিদ্ধান্ত গ্ৰহণ কৰিব বুলি মুখপাত্ৰগৰাকীয়ে কয় (Asom Sattra Mahasabha on Brindavani Bastra) ।

গতিকে প্ৰতিশোধমূলকভাৱে কাৰো ওচৰত গোচৰ তৰাৰ সত্ৰ মহাসভা পক্ষপাতী নহয় বুলি মহন্তই স্পষ্ট কৰি দিয়ে । যদি দক্ষিণপাট সত্ৰই এই দাবী মানি লয় তেন্তে অতি সোনকালে অনুকৃতিমূলক বৃন্দাবনী বস্ত্ৰ নিৰ্মাণৰ কাম আৰম্ভ হ’ব বুলি মহন্তই কয় ৷ উল্লেখ্য যে, মাজুলীৰ দক্ষিণপাট সত্ৰৰ উদ্যোগত কিছুবছৰৰ আগেয়ে দক্ষিণপাট সত্ৰত নিৰ্মাণ কাৰ্য আৰম্ভ হোৱা বৃন্দাবনী বস্ত্ৰৰ আৰ্হিৰ অনুকৃতিমূলক বৃন্দাবনী বস্ত্ৰৰ কাম সম্প্ৰতি বন্ধ হৈ আছে । অসম সত্ৰ মহাসভাই তৰা এক গোচৰৰ পৰিপ্ৰেক্ষিতত ভগৱানৰ চৌৱিশ অৱতাৰৰ পোন্ধৰ ফুট বহল 16 ফুট দীঘল বস্ত্ৰখন মুখ্যমন্ত্ৰীয়ে গুৱাহাটীত উন্মোচন কৰাৰ পিছৰে পৰা বস্ত্ৰ ভাগিৰ বাকী থকা কামসমূহ বন্ধ হৈ আছিল ।

শনিবাৰে অসম সত্ৰ মহাসভাৰ মূখপাত্ৰ তাৰা নাথ মহন্তই বিষয়টোৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি বৃন্দাবনী বস্ত্ৰৰ আৰ্হিৰ অনুকৃতিমূলক বৃন্দাবনী বস্ত্ৰ সন্দৰ্ভত সত্ৰ মহাসভাৰ স্থিতি স্পষ্ট কৰি দিয়ে ৷

লগতে পঢ়ক :Boris Johnson resigns as UK MP : সাংসদ পদৰ পৰা পদত্যাগ বৰিছ জনছনৰ

ABOUT THE AUTHOR

...view details