মাজুলী, ২২ নবেম্বৰঃ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মাজুলী জিলা সমিতিৰ পঞ্চম দ্বি-বাৰ্ষিক অধিবেশনৰ দ্বিতীয় দিনা কাৰ্যসূচীত উপস্থিত হয় অসম যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক পলাশ চাংমাই । পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমায়ে অসমৰ প্ৰাণকেন্দ্ৰ সত্ৰনগৰী মাজুলী সকলোৰে আকৰ্ষণৰ ঠাই বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীৰ সমষ্টি হিচাপে মাজুলীৰ প্ৰধান সমস্যা, যোৰহাট মাজুলী দলং, গৰাখহনীয়া সমস্যা সমাধানৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল সম্পূৰ্ণভাবে বিফল হৈছে বুলি মন্তব্য কৰে ।
মাজুলী জিলা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পঞ্চদশ দ্বি-বাৰ্ষিক অধিবেশন - asom jatiyatabadi yuba chatra parishad
অসমত যিমানবোৰ দলে শাসন কৰিলে, কোনো এখন চৰকাৰে অসমৰ ভৌগোলিক সুৰক্ষা দিব নোৱাৰিলে বুলি বিভিন্ন ৰাজনৈতিক দলক তীক্ষ্ণ ভাষাৰে সমালোচনা কৰে যুৱ ছাত্ৰ পৰিষদ সাধাৰণ সম্পাদক পলাশ চাংমায়ে ৷
![মাজুলী জিলা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পঞ্চদশ দ্বি-বাৰ্ষিক অধিবেশন asom jatiyatabadi yuba chatra parishad 15 th convention](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9626896-thumbnail-3x2-m.jpg)
মাজুলী জিলা যুৱ ছাত্ৰ পৰিষদৰ পঞ্চদশ দ্বি-বাৰ্ষিক অধিবেশনত পলাশ চাংমাই
মাজুলী জিলা যুৱ ছাত্ৰ পৰিষদৰ পঞ্চদশ দ্বি-বাৰ্ষিক অধিবেশনত পলাশ চাংমাই
তেওঁ লগতে অসমত যিমানবোৰ দলে শাসন কৰিলে, কোনো এখন চৰকাৰে অসমৰ ভৌগোলিক সুৰক্ষা দিব নোৱাৰিলে বুলি বিভিন্ন ৰাজনৈতিক দলক তীক্ষ্ম ভাষাৰে সমালোচনা কৰে ৷ বিজেপি চৰকাৰেও অসমৰ ভৌগোলিক অখণ্ডতাৰ কোনো স্থায়ী সুৰক্ষা দিব পৰা নাই বুলি উল্লেখ কৰে ।
লগতে পঢ়ক: টীয়কত নেচনেল মেডিক'জ অৰ্গেনাইজেছনৰ সংবাদ মেল