মাজুলী, 1 আগষ্টঃ ৰাজ্যৰ অন্য প্ৰান্তৰ নহয় অতি শোচনীয় অৱস্থাত চলিছে খোদ মুখ্যমন্ত্ৰীৰ সমষ্টি মাজুলীৰ স্বাস্থ্যখণ্ড । মাত্ৰ এগৰাকী অস্থায়ী চিকিৎসকে সেৱা আগবঢ়াইছে ৪০ হাজাৰ জনসাধাৰণক। তথ্য অনুসৰি পূৱ মাজুলী অঞ্চলৰ জনসাধাৰণৰ একমাত্ৰ ভৰসা বনগাওঁ চিকিৎসালয়খনত থকা এগৰাকী অস্থায়ী চিকিৎসকে চলাইচে দুখনকৈ চিকিৎসালয় ৷ ফলত বিপদত পৰিছে মাজুলীবাসী ৷ ইয়াৰোপৰি বিগত ছমাহে অচল অৱস্থাত আছে চিকিৎসালয়খনৰ এম্বুলেঞ্চ সেৱা ৷ কিন্তু এইবোৰ সমস্যাৰ প্ৰতি কাণ-সাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ। আনহাতে নিধিৰাম চৰ্দাৰ ৰূপ লৈছে ৰাজ্য চৰকাৰ ৷ ফলত বিগত বহু বছৰৰ পৰা সাধাৰণ সুবিধাখিনিৰ পৰা বঞ্চিত হৈ আছে সাধাৰণ ৰোগীতো বাদেই প্ৰসূতিসকলো ৷
মুখ্যমন্ত্ৰীৰ সমষ্টিত স্বাস্থ্যখণ্ডৰ পঁয়ালগা ৰূপ - health department
ৰাজ্যৰ অন্য প্ৰান্তৰ নহয় অতি শোচনীয় অৱস্থাত চলিছে খোদ মুখ্যমন্ত্ৰীৰ সমষ্টি মাজুলীৰ স্বাস্থ্যখণ্ড । মাত্ৰ এগৰাকী অস্থায়ী চিকিৎসকে সেৱা আগবঢ়াইছে ৪০ হাজাৰ জনসাধাৰণক। তথ্য অনুসৰি পূৱ মাজুলী অঞ্চলৰ জনসাধাৰণৰ একমাত্ৰ ভৰসা বনগাওঁ চিকিৎসালয়খনত থকা এগৰাকী অস্থায়ী চিকিৎসকে চলাইছে দুখনকৈ চিকিৎসালয় ৷
স্বাস্থ্যখণ্ডৰ পঁয়ালগা ৰূপ
আনহাতে বিভাগটোৰ ওপৰত শিশুৰ জীৱনক লৈও হেতালি খেলাৰ অভিযোগ। ৰাইজৰ অভিযোগ অনুসৰি মুঠেও সুৰক্ষিত নহয় শিশুক প্ৰদান কৰা টিকা সমূহ। কাৰণ দীৰ্ঘ সময় বিকল হৈ আছে চিকিৎসালয়খনৰ ইনভাৰটাৰ। যাৰ বাবে বিপাঙত পৰিছে দ্বায়িত্বত থকা স্বাস্থ্য কৰ্মীসমূহ। বিদ্যুত নাথাকিলে ইনভাৰটাৰৰ অভাৱত আইচ পেকট ভৰাব লাগে টিকা সমূহত।