অসম

assam

ETV Bharat / state

অভিশপ্ত নিমাতীৰ ফেৰী দুৰ্ঘটনা; আটক 6 ব্যক্তি - ferry accident at nimati ghat

যোৰহাটৰ নিমাতীঘাট নাও দুৰ্ঘটনা সন্দৰ্ভত আটক 6 জন ব্যক্তিক ৷ ১৯৩৩/২১ আই পি চি ৩০৪ অধীনত ব্যক্তি কেইজনক আটক কৰিছে যোৰহাট আৰক্ষীয়ে ৷

nimati incedent case
অভিশপ্ত নিমাতীৰ ফেৰী দুৰ্ঘটনা

By

Published : Sep 12, 2021, 4:54 PM IST

যোৰহাট, 12 ছেপ্তেম্বৰ : নিমাতীঘাটৰ দুৰ্ঘটনাক লৈ এতিয়াও উত্তপ্ত হৈ আছে ৰাজ্য ৷ দোষীক উচিত শাস্তি প্ৰদানৰ দাবীত উত্তপ্ত ৰাজ্য ৷ এই ঘটনাক লৈ উদ্বিগ্ন ৰাজ্য চৰকাৰ তথা প্ৰশাসন ৷ ৮ ছেপ্টেম্বৰ অৰ্থাৎ বুধবাৰে সংঘটিত হোৱা ভয়ংকৰ ফেৰী দুৰ্ঘটনাত ২ জনৰ প্ৰাণহানি আৰু এজন বৰ্তমানৰ সময়তো নিৰুদ্দেশ হৈ আছে ।

অভিশপ্ত নিমাতীৰ ফেৰী দুৰ্ঘটনা

মুখ্যমন্ত্ৰীয়ে এই ঘটনাৰ সন্দৰ্ভত তদন্ত ঘোষণা কৰাৰ লগতে ৰুজু কৰিছে ফৌজদাৰী গোচৰ ৷ তাৰ পিছতে যোৰহাটৰ নিমাতীঘাটৰ নাও দুৰ্ঘটনা সন্দৰ্ভত যোৰহাট আৰক্ষীয়ে শনিবাৰে নিশা আটক কৰা হয় 6 জনক ৷ আটকাধীন ব্যক্তি কেইজন হ’ল ধনবৰ দাস, যোগেন দাস, বিজু কুমাৰ দাস, জয়ন্ত দত্ত, বিনোদ বৰুৱা আৰু বাবুল নেওগ ৷

ফেৰী দুৰ্ঘটনা সন্দৰ্ভত আটক 6 ব্যক্তি

লগতে পঢ়ক:মাজুলীৰ ফেৰীঘাটত যাত্ৰীৰ অভাৱনীয় ভীৰ

ইয়াৰে ধনবৰ দাস দুৰ্ঘটনাগ্ৰস্ত নাও খনৰ গুৰিয়াল আছিল বুলি জানিব পৰা গৈছে ৷ আনহাতে, আটকাধীন বাকী কেইজন আভ্যন্তৰীণ জল পৰিবহন বিভাগ (ITW)ৰ কৰ্মচাৰী বুলি লাভ কৰা হৈছে তথ্য ৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত যোৰহাট আৰক্ষীয়ে তৰিছিল ফৌজদাৰী গোচৰ ৷ প্ৰাপ্ত তথ্য অনুসৰি, ১৯৩৩/২১ আই পি চি ৩০৪ অধীনত ব্যক্তি কেইজনক আটক কৰিছে যোৰহাট আৰক্ষীয়ে ৷

লগতে পঢ়ক:অসাৰ হ'ল মুখ্যমন্ত্ৰীৰ ঘোষণা:অফলামুখ ঘাটত নচলিল জাহাজ

ABOUT THE AUTHOR

...view details