গুৱাহাটী, ৪ মাৰ্চ: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৰাজনৈতিক সন্ত্ৰাসসবাদৰ নায়ক আখ্যা দিছে প্ৰদেশ কংগ্ৰেছে । মাজুলীৰ নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্য(Himanta Biswa sarma in majuli)ক লৈ জাঙুৰ খাই উঠিছে প্ৰদেশ কংগ্ৰেছ । শুকুৰবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ মনজিৎ মহন্ত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰৱ হৈ পৰে (APCC against Himanta Biswa Sarma's speech)।
কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰগৰাকীয়ে (Manjit Mahanta APSS spokesperson) কয় যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসভ্যালিৰ সকলো সীমা চেৰাই গৈ নিজকে ৰাজনৈতিক সন্ত্ৰাসবাদৰ নায়কৰূপে প্ৰমাণ কৰিছে । মাজুলীৰ নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰীয়ে গাখীৰ নিদিয়া গৰুক ভোট দি লাভ নাই বুলি কৈ বিজেপি প্ৰাৰ্থী ভূৱন গামক গাখীৰ দিয়া গৰু আৰু বিৰোধীক দমৰা গৰুৰ লগত তুলনা কৰিলে । দালাল ভূৱন গাম যে ভাল মানুহ নহয় সেই কথা মুখ্যমন্ত্ৰীয়ে বুজাই দিলে । তেওঁ কয় যে, ভূৱন গামক জয়ী কৰাই খীৰতী গাই হিচাপে ব্যৱহাৰ কৰাৰ কথাটো মুখ্যমন্ত্ৰীয়ে তেওঁৰ বক্তব্যৰে বুজাই দিলে ।
মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা ৰাজনৈতিক সন্ত্রাসবাদৰ নায়ক : প্ৰদেশ কংগ্ৰেছ মুখ্যমন্ত্ৰীৰ 'গৰু'ৰ প্ৰসংগকলৈ তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি তেওঁ কয় যে, মুখ্যমন্ত্ৰীয়ে বিৰোধীৰ অস্তিত্বক নসাৎ কৰিব বিচাৰিছে । এটা সময়ত অটল বিহাৰী বাজপেয়ী, লালকৃষ্ণ আদৱানী, ৰমেন ডেকা, ৰাজেন গোঁহাই, প্ৰশান্ত ফুকন, পৰিমল শুক্লবৈদ্য, ৰঞ্জিত দাস আদি বিৰোধী নেতা আছিল । মুখ্যমন্ত্ৰীৰ দৃষ্টিত তেওঁলোক কি বুলি প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰজনে প্ৰশ্ন কৰে । তেওঁ কয় যে, অসমত ব্লেকমেইলিঙৰ ৰাজনীতি চলিছে আৰু ইয়াৰ নেতৃত্বত আছে হিমন্ত বিশ্ব শৰ্মা । জনপ্ৰতিনিধিক 'গৰু' বুলি কোৱা কথা মুখ্যমন্ত্ৰীৰ মুখত শোভা নাপায় ৷ ইয়াৰ প্ৰত্যুত্তৰ মাজুলীবাসী ৰাইজে নিৰ্বাচনত দিব ।
তেওঁ লগতে কয় যে, হিমন্ত বিশ্ব শৰ্মাই ব্লেকমেইলিং কৰি মুখ্যমন্ত্ৰী হৈছে । ২০ বছৰ জালুকবাৰীক প্ৰতিনিধিত্ব কৰাৰ পাছতো গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত এখন দলং কৰিব নোৱাৰা হিমন্ত বিশ্ব শৰ্মাই মাজুলীত(Majuli connecting bridge) কি দলং বনাব বুলি তেওঁ মুখ্যমন্ত্ৰীক কটাক্ষ কৰে প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰগৰাকীয়ে । মুখ্যমন্ত্ৰীৰ চকু ভূমিৰ ওপৰত বুলি উল্লেখ কৰি তেওঁ কয় যে, মাজুলীতো মুখ্যমন্ত্ৰীয়ে পত্নীৰ নাম লৈ ভূমি লোৱাৰ কথা কৈছে । সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ কেইবাজনো নেতা উপস্থিত আছিল ।
লগতে পঢ়ক:2026 চনৰ ভিতৰত মাজুলী সংযোগী দুখন দলং সম্পূৰ্ণ হ’ব: মুখ্যমন্ত্ৰী