অসম

assam

By

Published : Feb 10, 2022, 2:31 PM IST

Updated : Feb 10, 2022, 3:40 PM IST

ETV Bharat / state

মোৰ গান আৰু কবিতা কাৰোবাৰ বাবে চোৰাতপাত আৰু চাবুকৰ দৰে: ভূপেন বৰা

উপ নিৰ্বাচনক কেন্দ্ৰ কৰি বৃহস্পতিবাৰে মাজুলীৰ জেংৰাইমুখত কংগ্ৰেছৰ তৃণমূল নেতা-কৰ্মীক লৈ বৰ্দ্ধিত কাৰ্যনিৰ্বাহক সভাখন অনুষ্ঠিত হ’ব (Congress executive meeting on by election in Majuli) । উক্ত সভাত অংশগ্ৰহণৰ বাবে মাজুলীত উপস্থিত হয় অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰা ৷ সভাৰ পূৰ্বে বিৰোধীক কটাক্ষ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে তেওঁৰ গান আৰু কবিতা শাসকীয় পক্ষৰ বাবে চোৰাতপাত আৰু চাবুকৰ দৰে বুলি মন্তব্য কৰে ৷

APCC President Bhupen Bora in Majuli
মাজুলীত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰা

মাজুলী, 10 ফেব্ৰুৱাৰী : ''মোৰ গান আৰু কবিতা কাৰোবাৰ বাবে চোৰাতপাত আৰু চাবুকৰ দৰে ৷ '' এই মন্তব্য অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাৰ (APCC President Bhupen Bora on poems and songs) । প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ গান আৰু কবিতাক লৈ শাসকীয় পক্ষই কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কথা উল্লেখ কৰে সভাপতিগৰাকীয়ে ৷

উল্লেখ্য যে, উপ নিৰ্বাচনক (Majuli By election 2022) কেন্দ্ৰ কৰি বৃহস্পতিবাৰে মাজুলীৰ জেংৰাইমুখত কংগ্ৰেছৰ তৃণমূল নেতা-কৰ্মীক লৈ বৰ্দ্ধিত কাৰ্যনিৰ্বাহক সভাখন অনুষ্ঠিত হ’ব । উক্ত সভাত অংশগ্ৰহণৰ বাবে মাজুলীত উপস্থিত হয় অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰা (APCC President Bhupen Bora) ৷

মাজুলীত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰা

সভাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ লগতে কংগ্ৰেছ দলৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতাই অংশগ্ৰহণ কৰিব । প্ৰাৰ্থীকেন্দ্ৰিক আলোচনাই মূল বিষয় হিচাপে স্থান পাব এই সভাত । উপ নিৰ্বাচনত কংগ্ৰেছ, অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে ঐক্যবদ্ধভাৱে বিজেপিৰ বিৰুদ্ধে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ সাজু হৈছে বুলি জানিবলৈ দিয়ে সভাপতিগৰাকীয়ে ।

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাই মাজুলীত সাংবাদিকৰ আগত কবিতা আৰু গান সন্দৰ্ভত প্ৰতিক্ৰিয়া আগবঢ়াই কয় যে, ৰাইজ আৰু সাংবাদিকে যদি কয় ভূপেন বৰা ডাঙৰীয়া আপোনাৰ এইতো ভুল হৈছে তেতিয়া মই ক্ষমা খুজিম । তেওঁ লগতে কয় যে, ভূপেন কুমাৰ বৰাই আবৃত্তি কৰা গান-কবিতা কাৰোবাৰ বাবে চাবুক আৰু চোৰাতপাত হ'ব গৈ আছে । তেওঁ লগতে বৰ্তমানৰ চৰকাৰখন ক্ষমতাৰ ৰাগীত মতলীয়া হৈ গৈ আছে ৷

লগতে পঢ়ক :বিজেপিৰ অহংকাৰে পৌৰ নিৰ্বাচনত সহায় কৰিব কংগ্ৰেছ দলক : ভূপেন বৰা

Last Updated : Feb 10, 2022, 3:40 PM IST

ABOUT THE AUTHOR

...view details