মাজুলী,১২ মাৰ্চ: দুটা ভাগত বিভক্ত হ'ল অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ মাজুলী জিলা সমিতি (Anusuchit Jati Yuba Chatra Parishad) । মাজুলীত অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ জিলা সমিতি পূৰ্বৰ পৰাই থকাৰ পিচতো অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ বুলি একে নামতে আন এখন সমিতি গঠনক লৈ মাজুলী অনুসূচিত জাতিৰ সংগঠনৰ দুই ফৈদৰ মাজত তীব্ৰ মতবিৰোধৰ সৃষ্টি হৈছে (Dissidence in Anusuchit Jati Yuba Chatra Parishad) ।
পৰিস্থিতি এনে পৰ্যায় পাইছেগৈ যে পূৰ্বৰ অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদে নতুনকৈ গঠন কৰা একে নামৰ সংগঠনটোৰ বিৰুদ্ধে মাজুলীৰ আৰক্ষী অধীক্ষকৰ কাষ চাপি গোচৰ তৰিবলৈ বাধ্য হৈছে । পূৰ্বৰ পৰা বাহাল থকা মাজুলী জিলা অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ জিলা সমিতিয়ে জানিবলৈ দিয়া মতে যোৱা ২০ আৰু ২১ ফেব্ৰুৱাৰীত ডেকা শেনচোৱাৰ অনিৰুদ্ধ কৃষ্টি কেন্দ্ৰত অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত হৈছিল ৷
উক্ত প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অনুসূচিত জাতি পৰিষদৰ সভাপতি দেৱজিৎ হাজৰিকাক নিমন্ত্ৰণ দিয়া হৈছিল আৰু তেখেত আহিব নোৱাৰাৰ হেতু পৰিষদৰ সম্পাদক অজিত হাজৰিকা উপস্থিত আছিল । পৰিষদৰ ফালৰ পৰা নেত গৰাকীক প্ৰয়োজনীয় সন্মান প্ৰদান কৰা হৈছিল । কিন্তু পাছৰ পৰ্যায়ত উক্ত অনুসূচিত জাতি পৰিষদৰ উদ্যোগতে অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ বুলি এখন সমিতি গঠন কৰে ।