মাজুলী,11 জানুৱাৰীঃশুকুৰবাৰে নিশা সমগ্ৰ দেশতে ৰাজপত্ৰৰ দ্বাৰা নাগৰিকত্ব (সংশোধনী) আইন, 2019 বলবৎ হোৱাৰ পাচত মুখ্যমন্ত্ৰীৰ সমষ্টি মাজুলীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু আছুৱে এই আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী,গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদকাৰী সকলে প্ৰতিবাদ সাব্যস্ত কৰে ৷
মুখ্যমন্ত্ৰীৰ সমষ্টিত CAAৰ বিৰুদ্ধে প্ৰতিবাদ - CAAৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ
শুকুৰবাৰে নিশা সমগ্ৰ ৰাজ্যতে কাৰ্যকৰী হ'ল নাগৰিকত্ব (সংশোধনী) আইন, 2019 ৷ ইয়াৰ পাচতে মাজুলীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু আছুৱে এই আইনখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷
CAAৰ বিৰুদ্ধে প্ৰতিবাদ
মধ্য মাজুলী জাতীয় বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত ছাত্ৰ ছাত্ৰীৰ অভিভাৱক সকলেও CAAৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷ খোল,তাল,বজাই প্ৰতিবাদকাৰী সকলে প্ৰতিবাদ সাব্যস্ত কৰে ৷ ইপিনে মাজুলীৰ আধাৰ সত্ৰৰ সত্ৰাধিকাৰ মহেশ গোস্বামীয়েও এই আইন খন প্ৰণয়ন কৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷
লগতে পঢ়ক - সমগ্ৰ দেশতে বলৱৎ হ’ল ‘‘CAA’’