মাজুলী, ৪ ডিচেম্বৰ:শ্ৰীশ্ৰী প্ৰাচীন চামগুৰি সত্ৰ আৰু হৰিদাস বণিয়া আতৈ আৰ্থ সামাজিক উন্নয়ন স্বেচ্ছাসেৱী সংস্থা আৰু স্থানীয় ৰাইজৰ সহযোগত ৬ জানুৱাৰীৰ পৰা মাজুলীত অনুষ্ঠিত হ’ব সদৌ অসম অংকীয়া ভাওনা সমাৰোহ(Ankiya Bhaona Samaroh 2022 will held at Majuli) । মাজুলীৰ ঐতিহাসিক খাটপথাৰত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা এই অংকীয়া ভাওনা সমাৰোহৰ লাইখুঁটা দেওবাৰে স্থাপন কৰা হয় ৷
সদৌ অসম অংকীয়া ভাওনা সমাৰোহৰ লাইখুটা স্থাপন আজি মাজুলীৰ কেইবাখনো ঐতিহাসিক সত্ৰৰ সত্ৰাধিকাৰৰ উপস্থিতিত গায়ন বায়ন, ডবা-শঙ্খৰ ধ্বনিৰ মাজত সম্পূৰ্ণ সত্ৰীয়া ৰীতি-নীতি পৰম্পৰাৰে অংকীয়া ভাওনা সমাৰোহৰ লাইখুটা স্থাপনৰ অনুষ্ঠান সম্পন্ন কৰা হয় । সদৌ অসম অংকীয়া ভাওনা সমাৰোহখনত অসমৰ বিভিন্ন প্ৰান্তৰ ১২খনকৈ অংকীয়া ভাওনাই ভাগ ল'ব ।
এই ভাওনা সমাৰোহত একে সময়তে ৪খনকৈ ভাওনা একেলগে প্ৰদৰ্শন কৰা হ'ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে ৷ উদ্যোক্তাসকলে ভাওনা সমাৰোহৰ প্ৰথম কাৰ্যসূচীত ১০০০ নামতিৰে দিহানাম পৰিবেশন কৰাৰ পৰিকল্পনা কৰিছে ৷ তেওঁলোকে লগতে শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫ সংখ্যক জন্মজয়ন্তীৰ লগত সংহতি ৰাখি ৫৭৫ জোৰা গায়ন বায়ন প্ৰদৰ্শনৰ প্ৰস্তুতি আৰম্ভ কৰিছে ।
সদৌ অসম অংকীয়া ভাওনা সমাৰোহৰ লাইখুটা স্থাপন ২০২৩ বৰ্ষত জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগা সদৌ অসম অংকীয়া ভাওনা সমাৰোহৰ সকলো কাৰ্যসূচীত অসমবাসী ৰাইজৰ লগতে মাজুলীবাসী ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে উদ্যোক্তাসকলে । জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো ধৰ্ম বিপুল জনসমাগমেৰে এই কাৰ্যসূচী সফল কৰি তুলিবলৈও উদ্যোক্তাসকলে জনসাধাৰণক আহ্বান জনাইছে ৷
লগতে পঢ়ক:Felicitation of 2000 meritorious students : চাংসাৰিত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা মুখ্যমন্ত্ৰীৰ