অসম

assam

ETV Bharat / state

বানৰ পিছত বিভিন্ন ৰোগত আক্ৰান্ত পশুধন - majuli

বিশেষকৈ মাজুলীৰ বানপীড়িত অঞ্চলত বিভিন্ন ৰোগত আক্ৰান্ত হৈছে পশুধন ৷ তেনে এক বিপৰ্যয়ৰ সময়ত পশুধনৰ চিকিৎসা প্ৰদানৰ বাবে আগবাঢ়ি আহিছে লখিমপুৰ পশু চিকিৎসা মহাবিদ্যালয় ৷

বানৰ পিছত বিভিন্ন ৰোগত আক্ৰান্ত পশুধন

By

Published : Aug 11, 2019, 2:30 PM IST


মাজুলী,11 আগষ্টঃ মাজুলীৰ বানপীড়িত অঞ্চলত বিভিন্ন ৰোগৰ লক্ষণে দেখা দিছে পশুধনৰ । অঞ্চলটোৰ পাঁচ শতাধিক পৰিয়ালৰ বান আঁতৰাৰ পাছত গৰু ছাগলী গাহৰি আদি পশুধনৰ বিভিন্ন ৰোগৰ লক্ষণে দেখা দিছে ৷ এনে সময়তে কৃষক বন্ধুৰ উদ্যোগত উত্তৰ লখিমপুৰ পশুচিকিৎসা মহাবিদ্যায়ৰ অধ্যাপক আৰু ছাত্ৰসকলে "পশু সমৃদ্ধি" নামৰ স্বেচ্ছাসেৱী সংগঠনৰ সহযোগত চিকিৎসা প্ৰদান কৰে পশুধনৰ ।

বানৰ পিছত বিভিন্ন ৰোগত আক্ৰান্ত পশুধন

মাজুলী ডাম্বোকিয়াল, ডাম্বোচুক আৰু শিমলুগুৰী অঞ্চলৰ দুই সহস্ৰাধিক পশুধনক চিকিৎসা প্ৰদান কৰাৰ লগতে বিভিন্ন ৰোগৰ প্ৰতিষেধক টিকা প্ৰদান কৰে ।এওঁলোকে ঘৰে ঘৰে গৈ প্ৰতিষেধক টিকা প্ৰদান কৰাত যথেষ্ট পৰিমাণে সকাহ পাইছে মাজুলীৰ এই সকল কৃষিজীৱি লোকে।

ABOUT THE AUTHOR

...view details