মাজুলীঃ ৯ ডিচেম্বৰ : অসম চৰকাৰ, সাংস্কৃতিক সঞ্চালকালয়ৰ অধীনস্থ মাজুলী সাংস্কৃতিক কেন্দ্ৰৰ সহযোগত আৰু সাংস্কৃতিক বিকাশ মঞ্চ, অসমৰ উদ্যোগত মাজুলীৰ নামনি চেৰেপাই গাঁৱৰ হৰিমন্দিৰত আয়োজন কৰা অংকীয়া নাট প্ৰশিক্ষণ কৰ্মশালাখনি বুধবাৰে শুভাৰম্ভ কৰা হয় ৷ কণ কণ শিশু আৰু ছাত্ৰ-ছাত্ৰীসকলৰ উপস্থিতিত অনুষ্ঠিত হোৱা এই অংকীয়া নাট কৰ্মশালাখনি বন্তি প্ৰজ্বলেনে শুভাৰম্ভণী কৰে শ্ৰী শ্ৰী আধাৰ সত্ৰৰ সত্ৰাধিকাৰ মহেশ গোস্বামীয়ে ৷
সাংস্কৃতিক বিকাশ মঞ্চ, অসমৰ সভাপতি জনাৰ্দন দেৱ গোস্বামীয়ে সঞ্চালনা কৰা অনুষ্ঠানটিৰ চিনাকী পৰ্ব আৰু উদ্দেশ্য ব্যাখ্যা কৰে জয়ন্ত হাজৰিকাই ৷ উদ্দেশ্য ব্যাখ্যা কৰি জয়ন্ত হাজৰিকাই সকলো জাতি-জনগোষ্ঠীৰ মিলনভূমি মাজুলীত এই অঙ্কীয়া নাট কৰ্মশালাৰ দ্বাৰা সাধাৰণ লোকসকলৰ দৰে মিচিংলোকৰ বসতি প্ৰধান অংঞ্চলতো সাংস্কৃতিক জাগৰণ সৃষ্টি কৰাৰ উদ্দেশ্য আগত ৰাখি এই কৰ্মশালাখনি আয়োজন কৰা হৈছে মন্তব্য প্ৰকাশ কৰে ৷