মাজুলী,22 ছেপ্তেম্বৰঃ ৰাজ্যত কৰ'ণা মহামাৰীৰ আতংকৰ মাজতে উজনি মাজুলীৰ অভয়পুৰ-নৰসিংহ গাঁও উন্নয়ন সমিতিৰ ব্যতিক্ৰমী পদক্ষেপ ৷ উন্নয়ন সমিতিৰ উদ্যোগত আয়োজন কৰা হয় এক অভিনন্দন অনুষ্ঠানৰ ৷ ব্যতিক্ৰমী এই অনুষ্ঠানটোত গাঁৱৰ কৃতি ছাত্ৰ-ছাত্ৰীসকলৰ ঘৰে ঘৰে গৈ সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷ অভয়পুৰ-নৰসিংহ গাঁও উন্নয়ন সমিতিৰ সভাপতি অনিল বৰা আৰু সম্পাদক সমীৰণ মহন্তই ২০২০ বৰ্ষত সুখ্যাতিৰে উৰ্ত্তীণ হোৱা ছাত্ৰ-ছাত্ৰী সকলক এখনি ফুলাম গামোচা, মানপত্ৰ আৰু বহী-কলমেৰে সম্বৰ্ধনা জ্ঞাপন কৰে ৷
মাজুলীত ব্যতিক্ৰমী ৰূপত অভিনন্দন অনুষ্ঠান - ব্যতিক্ৰমী
অভয়পুৰ-নৰসিংহ গাঁও উন্নয়ন সমিতিৰ উদ্যোগত মাজুলীত আয়োজিত হৈ যায় এক অভিনন্দন অনুষ্ঠান ৷ ব্যতিক্ৰমী এই অনুষ্ঠানটোত গাঁৱৰ কৃতি ছাত্ৰ-ছাত্ৰীসকলৰ ঘৰে ঘৰে গৈ সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷ অভয়পুৰ-নৰসিংহ গাঁও উন্নয়ন সমিতিৰ সভাপতি অনিল বৰা আৰু সম্পাদক সমীৰণ মহন্তই ২০২০ বৰ্ষত সুখ্যাতিৰে উৰ্ত্তীণ হোৱা ছাত্ৰ-ছাত্ৰী সকলক এখনি ফুলাম গামোচা, মানপত্ৰ আৰু বহী-কলমেৰে সম্বৰ্ধনা জ্ঞাপন কৰে ৷
ব্যতিক্ৰমী ৰূপত মাজুলীত সম্বৰ্ধনা কৃতি ছাত্ৰ-ছাত্ৰীক
ইপিনে এই ব্যতিক্ৰমী কাৰ্যসূচীত গাঁও উন্নয়ন সমিতিক সহযোগ কৰে প্ৰদীপ শইকীয়া, বিশ্ব বৰা, সনজিৎ কুমাৰ অভয়পুৰীয়া, বাবুল বৰা, চিত্ৰৰঞ্জন বৰা, কেশৱ ৰাজখোৱাৰ লগতে নৱজ্যোতি মহন্তই ৷ উজনি মাজুলীৰ অভয়পুৰ-নৰসিংহ গাঁও উন্নয়ন সমিতিৰ এনে পদক্ষেপক এতিয়া শলাগ লৈছে গাঁৱবাসীয়ে ৷
লগতে পঢ়কঃবিশ্ব গঁড় দিৱস ২০২০