মাজুলী, 21 ছেপ্টেম্বৰ :মাজুলী-যোৰহাট সংযোগী দলঙক লৈ নিকৃষ্ট ৰাজনীতি হোৱাৰ অভিযোগ উত্থাপিত হৈছে । এই অভিযোগ উত্থাপন কৰিছে মাজুলী জিলা বিজেপিৰ প্ৰতিষ্ঠাপক সভাপতি তথা বৰ্তমান মাজুলী জিলা সত্ৰ মহাসভাৰ সম্পাদক পুতুল মহন্তই । মহন্তই কয় যে, ৯২৫ কোটি টকা এনে দলং নিৰ্মাণ কৰাৰ বাবে নিচেই নগন্য টকা । মাজুলীৰ লগত চূড়ান্ত ৰাজনীতি হোৱা বুলি মত প্ৰকাশ কৰি তেওঁ কয়, এনেকুৱা ৰাজনীতি কৰিবলৈ মাজুলীলৈ কোনো যাব নালাগে ।
ফেৰী দুৰ্ঘটনা সন্দৰ্ভত মন্তব্য কৰি তেওঁ কয় , জলপৰিবহন বিভাগৰ গাফিলতিৰ বাবে হৃদয়বিদাৰক ঘটনা সংঘটিত হৈছে । মাজুলীক লৈ নিকৃষ্ট ৰাজনীতি কৰা সকল জহান্নামে যাওক বুলিও ক’লে তেওঁ । ব্যক্তিগত নাও চলাই ৰ'পেক্স বন্ধ কৰি ৰখা সকলকো ছিণ্ডিকেটৰাজ চলাই থকাৰ অভিযোগ দি গৰিহনা দিয়ে জিলা সত্ৰ মহাসভাৰ সম্পাদক গৰাকীয়ে ।