মাজুলী, 27 জুলাই :মাজুলী জিলাৰ মাজুলী উন্নয়ন খণ্ডৰ অন্তৰ্গত চিলাকলা গাঁও পঞ্চায়তত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আৱণ্টনৰ নামত ব্যাপক খেলিমেলি হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ পঞ্চায়টোৰ অন্তৰ্গত এগৰাকী দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা ব্যক্তিয়ে কাগজে-কলমে লাভ কৰিও পোৱা নাই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ ৷
চিলাকলা গাঁও পঞ্চায়তৰ 8 নং ৱাৰ্ডৰ এগৰাকী দৰিদ্ৰ ব্যক্তি হৈছে নন্দ হাজৰিকা ৷ যিজন ব্যক্তিয়ে দীৰ্ঘদিনে বৃদ্ধা মাতৃৰ সৈতে বাস কৰি আহিছে এটি ভগা জুপুৰীত ৷ ৰাতি হ’লে ঘৰ চালৰ বিন্ধাইদি দেখে আকাশৰ জোন-তৰা ৷ বৰ্তমানৰ বিজেপি শাসিত চৰকাৰখনে দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা পৰিয়ালক এই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত প্ৰদান কৰা এটা গৃহ লাভ কৰিছিল নন্দ হাজৰিকায়ো ৷ চৰকাৰী ঘৰ লাভ কৰিছে বুলি চিলাকলা গাঁও পঞ্চায়তৰ 8 নং ৱাৰ্ডৰ মেম্বাৰগৰাকীয়ে জানিবলৈ দিয়ে নন্দ হাজৰিকাক ৷
ঘৰ লাভ কৰি আনন্দত আত্মহাৰা হৈ পৰা নন্দ হাজৰিকা পঞ্চায়তলৈ যায় যদিও পঞ্চায়ত কৰ্তৃপক্ষই ঘৰটো তালিকাৰ পৰা আঁতৰাই দিয়া বুলি কয় ৷ জানিব পৰা মতে, পঞ্চায়ত কৰ্তৃপক্ষৰ মতে চাৰ্ভে কৰাৰ সময়ত নন্দ হাজৰিকাৰ ঘৰতো পকী ঘৰ বুলি তথ্য দিয়াৰ বাবে বৰ্তমানলৈকে লাভ কৰা নাই ঘৰ ৷ যাৰ বাবে গৃহ বঞ্চিত নন্দ হাজৰিকাই মাজুলী খণ্ড উন্নয়ন বিষয়াগৰাকীক ঘৰ লাভ নকৰা সন্দৰ্ভত এখন পত্ৰ প্ৰদান কৰে ৷