অসম

assam

ETV Bharat / state

Conflict in Natun Kamalabari Satra : সত্ৰৰ ধন আত্মসাৎ কৰিলে কোনে ? - আত্মস্যাৎ কৰাৰ অভিযোগ

নতুন কমলাবাৰী সত্ৰৰ ৰাজহুৱা সম্পত্তিৰ বাবেই দুভাগত বিভক্ত হৈছে সত্ৰখন ৷ সত্ৰৰ সম্পত্তিৰ পৰা উপাৰ্জিত ধন সত্ৰৰ ডেকা সত্ৰাধিকাৰ সত্যজিৎ মহন্ত আৰু প্ৰফুল্ল বৰুৱাই আত্মস্যাৎ কৰিছে ৷ মাজুলীৰ নতুন কমলাবাৰী সত্ৰত এক সংবাদমেল সম্বোধন কৰি এই অভিযোগ উত্থাপন কৰে একাংশ বৈষ্ণৱে ৷

Conflict in Natun Kamalabari Satra
দুটা ভাগত বিভক্ত হৈছে সত্ৰৰ বৈষ্ণৱসকল

By ETV Bharat Assamese Team

Published : Sep 3, 2023, 1:54 PM IST

দুটা ভাগত বিভক্ত হৈছে সত্ৰৰ বৈষ্ণৱসকল

মাজুলী, 3 ছেপ্টেম্বৰ :দুজনা গুৰু মিলন ভূমি সত্ৰীয়া সংস্কৃতিৰ প্ৰাণ কেন্দ্ৰ মাজুলীৰ ঐতিহাসিক নতুন কমলাবাৰী সত্ৰৰ ভিতৰত গৃহ-কণ্ডল । দুটা ভাগত বিভক্ত হৈছে সত্ৰৰ বৈষ্ণৱসকল । অন্তঃকন্দলত জৰ্জৰিত হৈছে নতুন কমলাবাৰী সত্ৰ । শনিবাৰৰ দিনটোত সত্ৰখনত সংঘটিত হয় এক নজিৰবিহীন ঘটনা । সত্ৰৰ বৈষ্ণৱসকলে দুভাগত ভাগ হৈ নামঘৰত পৰিৱেশন কৰিলে গায়ন বায়ন । ইয়াৰ পাচতেই গোটেই বিষয়টোক লৈ দেওবাৰে নতুন কমলাবাৰী সত্ৰৰ বৈষ্ণৱসকলে আয়োজন কৰে এক সংবাদমেল ।

উক্ত সংবাদমেলত সত্ৰৰ বৈষ্ণৱসকলে কয়, ‘‘দীৰ্ঘদিন ধৰি সত্ৰৰ ৰাজহুৱা সম্পত্তি ক্ৰমে সত্ৰৰ ভুৱা সত্ৰীয়া সংগীত মহাবিদ্যালয় নামত ব্ৰহ্মপুত্ৰ বৰ্ডক মাহে প্ৰায় 48 হাজাৰকৈ ভাড়া, পুথিভঁৰালৰ ঘৰ ভাড়া, সত্ৰৰ অতিথিশালাৰ পৰা উপাৰ্জিত ধন সত্ৰৰ পুঁজি তথা পৰিচালনা সমিতিৰ পুঁজিলৈ নহাকৈ ব্যক্তিগতভাৱে সত্ৰৰ বৰ্তমানৰ ডেকাধিকাৰ সত্যজিৎ মহন্ত আৰু প্ৰফুল্ল বৰুৱাই আত্মস্যাৎ কৰি আহিছে ৷ লগতে ডেকাধিকাৰ সত্যজিৎ মহন্ত আৰু প্ৰফুল্ল বৰুৱাই সত্ৰৰ পুনৰ সংস্থাপনৰ বাবে যোৰহাটৰ ৰাজৈত চৰকাৰে দিয়া 80 বিঘা মাটিত বাগান পাতিবলৈ লিজত দি তাৰ পৰা হোৱা উপাৰ্জনৰ ধন, উত্তৰ লখিমপুৰৰ বিহপুৰীয়াৰ পাভত সত্ৰৰ নামত থকা 50 বিঘা মাটি সংখ্যালঘু কেইগৰাকীমান ব্যক্তিক বিক্ৰী কৰা ধন সকলো আত্মস্যাৎ কৰিছে’’ ৷

ইফালে সত্ৰৰ ৰাজহুৱা সম্পত্তিৰ পৰা উপাৰ্জিত ধন পৰিচালনা সমিতিলৈ আহিব লাগে বুলি সভাপতি ডেকাধিকাৰ সত্যজিৎ মহন্তৰ উপস্থিতিত পৰিচালনা সমিতিৰ সভাত প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল যদিও উক্ত সিদ্ধান্ত কাৰ্যকৰী কৰাৰ বিপৰীতে স্বয়ং সভাপতি সত্যজিৎ মহন্তই পৰিচালনা সমিতিখন নিষ্ক্ৰিয় কৰাতহে উঠি পৰি লাগিছে বুলি উক্ত সংবাদমেলত উল্লেখ কৰে আয়োজকসকলে ।

লগতে কয়, ‘‘সত্যজিৎ মহন্ত আৰু প্ৰফুল্ল বৰুৱাই ব্যক্তিগত লাভালাভৰ বাবে সত্ৰৰ সম্পত্তি ব্যৱহাৰ কৰি আছে । সত্ৰখনৰ এখন প্ৰাথমিক বিদ্যালয়তো সকলো বৈষ্ণৱক জড়িত নকৰি পৰিচালনাৰ খামখিয়ালিৰ বাবে বন্ধ হৈ যোৱাৰ পিচত সত্ৰত থকা সংস্কৃত টোলত সত্যজিৎ মহন্ত আৰু প্ৰফুল্ল বৰুৱা নিজেই শিক্ষক হিচাপে নিয়োজিত হৈ আছে ৷ ইয়াৰ পিচতো সংস্কৃত টোলখনো সম্প্ৰতি নিষ্ক্ৰিয় হোৱাৰ হৈ পৰিছে ৷ সেয়ে এতিয়া সংস্কৃত টোলৰ কোঠাসমূহো ভাড়া দিছে সত্যজিৎ মহন্ত আৰু প্ৰফুল্ল বৰুৱাই’’ ।

এনেদৰে সত্ৰৰ সংগীত মহাবিদ্যালয়কে ধৰি সত্ৰৰ বিভিন্ন সম্পত্তিৰ পৰা উপাৰ্জিত ধন সত্যজিৎ মহন্ত আৰু প্ৰফুল্ল বৰুৱাই আত্মস্যাৎ কৰি আহিছে বুলি সংবাদ মাধ্যমৰ আগত ক্ষোভ প্ৰকাশ কৰিছে আয়োজক বৈষ্ণৱসকলে ৷

লগতে এই বিষয়সমূহ পোহৰলৈ অহাত সত্যজিৎ মহন্ত আৰু প্ৰফুল্ল বৰুৱাই একাংশ বৈষ্ণৱক লগত লৈ সত্ৰখনক দুভাগত বিভক্ত কৰাত অহৰহ চেষ্টা কৰি আহিছে বুলি অভিযোগ কৰে একাংশ বৈষ্ণৱে । উপায়ন্তৰ হৈ মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিৰ্বাৰক শাখাৰ দ্বাৰা সমগ্ৰ বিষয়টো তদন্ত কৰি সত্ৰখনৰ বৈষ্ণৱসকলৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ আহ্বান জনায় সত্ৰৰ বৈষ্ণৱসকলে ।

লগতে পঢ়ক :Conflict in Natun Kamalabari Satra: নতুন কমলাবাৰী সত্ৰত গৃহ কণ্ডল; দুটা ভাগত বিভক্ত হৈ পৰিৱেশন গায়ন বায়ন

ABOUT THE AUTHOR

...view details