মাজুলী, 30 অক্টোবৰ :আকৌচৰ্চাত মাজুলী ৷ অভিযোগ অনুসৰি, মাজুলীৰ আভ্যন্তৰীণ জল পৰিবহন বিভাগত সংঘটিত হৈছে বিয়াগোম কেলেংকাৰী (Allegation against Corruption in IWT) । ঠিকাদৰৰ লগত মিলি কাৰ্যবাহী অভিযন্তাই লাখে লাখে টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত হৈছে ।
জানিব পৰা মতে, অফলামুখ ফেৰী ঘাটত নিমাতি আৰু মাজুলী দুয়োপাৰে 1 টাকৈ জিৰণি ঘৰৰ লগতে মাজুলী কমলাবাৰী ফেৰী ঘাটত যাত্ৰী বাবে 1 টা জিৰণি গৃহ নিৰ্মাণৰ নামত আৱণ্টন হৈছিল পুঁজি । সেই আৱণ্টিত জিৰণি ঘৰ কমলাবাৰী ফেৰী ঘাটত নিৰ্মাণ কৰিলে যদিও অফলামুখত দিয়া দুটা জিৰণি ঘৰৰ নিৰ্মাণ কাৰ্য বৰ্তমানলৈকেও হোৱা নাই ৷
কিন্তু নিমাতি আৰু মাজুলী পাৰে নিৰ্মাণ হ’ব লগা জিৰণিৰ নামত বিভাগে পুঁজি ইতিমধ্যে যোৱা মাৰ্চ মাহতে ঠিকাদাৰক মুকলি কৰি দিলে । কিন্তু পুঁজি মুকলি কৰি দিয়াৰ পাচতো বৰ্তমান পৰ্যন্ত এটা ইটাৰ টুকুৰাও পৰা নাই নিমাতি আৰু মাজুলীৰ দুটা পাৰে ৷ এই অভিযোগ তৰিছে মাজুলীৰ একাংশ সচেতন ৰাইজে ৷
আনকি আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ কাৰ্যবাহী কাৰ্যবাহী অভিযন্তা মনো দত্তই সংবাদ মাধ্যমৰ আগত কৰা মন্তব্যতেই স্পষ্ট হৈছে ঠিকাদৰ আৰু তেওঁ মিলি আভ্যন্তৰীণ জল পৰিবহন বিভাগত চলোৱা লুণ্ঠনৰাজৰ কথা ৷ ইফালে অফলামুখ ফেৰী ঘাটত কোন জিৰণি ঘৰৰ নিৰ্মাণ কাৰ্য চলোৱা নাই বুলি মন্তব্য কৰে কনিষ্ঠ অভিযন্তা ৰাতুল তামুলীয়ে ।
অন্যহাতে, ফেৰী ঘাটত যাত্ৰীৰ বাবে জিৰণি ঘৰ নথকাৰ হেতুকে ফেৰী যাত্ৰীয়ে আশ্ৰয় ল’ব লগা হয় ফেৰী ঘাটত থকা সৰু সৰু চাহৰ হোটেল কিম্বা গছৰ তলত ৷ ইফালে দক্ষিণপাট পঞ্চায়তৰ আবণ্টিত পুঁজিৰে অফলামুখ ফেৰী ঘাটত যাত্ৰীৰ সুবিধা হোৱাকৈ এটা জিৰণি গৃহ বনাই দিছিল ৷ কিন্তু সেইটো বৰ্তমান আভ্যন্তৰীণ জল পৰিবহণ বিভাগে টিকট ঘৰ হিচাবে ব্যৱহাৰ কৰি আহিছে ৷ সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰিছে ফেৰী ঘাটত দীৰ্ঘদিনৰ পৰা ব্যৱসায় কৰি অহা এগৰাকী হোটেলৰ ব্যৱসায়ীয়ে ।
লগতে পঢ়ক :Privatization of River Transport: ব্যক্তিগতকৰণৰ বাট মুকলি হ’ল নদী পথ যাতায়াতৰ