অসম

assam

ETV Bharat / state

Majuli Bhaona Samaroh 2023 : ঐতিহাসিক খাটপথাৰত আৰম্ভ সদৌ অসম অংকীয়া ভাওনা সমাৰোহ - Shrimanta Sankardeva 575 birth anniversary

সদৌ অসম অংকীয়া ভাওনা সমাৰোহ আৰম্ভ হোৱাৰ প্ৰাকক্ষণত বৃহস্পতিবাৰে ঐতিহাসিক খাটপথাৰত গুৰু আসন প্ৰতিষ্ঠা কৰা হয় (All Assam Ankiya Bhaona Samaroh in Majuli)। এইবাৰ ৰাজ্যৰ ভিন্ন প্ৰান্তত ১২ খন অংকীয়া ভাওনাই অংশগ্ৰহণ কৰিব । প্ৰতিবছৰে খাটপথাৰত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰাৰ পৰিকল্পনা উদ্যোক্তাৰ ।

All Assam Ankiya Bhaona Samaroh
সদৌ অসম অংকীয়া ভাওনা সমাৰোহৰ গুৰু আসন প্ৰতিষ্ঠা

By

Published : Jan 6, 2023, 11:15 AM IST

সদৌ অসম অংকীয়া ভাওনা সমাৰোহ

মাজুলী,৬ জানুৱাৰী : উদুলি মুদুলি মাজুলীৰ খাটপথাৰ । কিয়নো আজিৰে পৰা মাজুলী ঐতিহাসিক খাটপথাৰত আৰম্ভ হৈছে সদৌ অসম অংকীয়া ভাওনা সমাৰোহ (All Assam Ankiya Bhaona Samaroh)। জগত গুৰু শ্ৰীমন্ত শংকৰদেৱৰ অমিয়া সৃষ্টি অংকীয়া ভাওনাক জীয়াই ৰখাৰ স্বাৰ্থত আয়োজন কৰা হৈছে এই অংকীয়া ভাওনা সমাৰোহৰ ।

শ্ৰীশ্ৰী প্ৰাচীন চামগুৰি সত্ৰ আৰু হৰিদাস বণিয়া আতৈ আৰ্থ সামাজিক উন্নয়ন স্বেচ্ছাসেৱী সংস্থা আৰু স্থানীয় ৰাইজৰ সহযোগত ৮ জানুৱাৰীলৈ চলিব এই সদৌ অসম অংকীয়া ভাওনা সমাৰোহ (All Assam Ankiya Bhaona Samaroh in Majuli)। ইফালে বৃহস্পতিবাৰে অংকীয়া ভাওনা সমাৰোহ অনুষ্ঠিত কৰিবৰ বাবে সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতিৰে ঐতিহাসিক খাটপথাৰত গুৰু আসন প্ৰতিষ্ঠা কৰা হয় । গায়ন-বায়ন, ভকতসকলে আধ্যাত্মিক পৰিৱেশৰ মাজেৰে এই আসন প্ৰতিষ্ঠা কৰে । গুৰু আসন প্ৰতিষ্ঠা হোৱাৰ লগে লগে খাটপথাৰত উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে ।

ইফালে তিনিদিনীয়াকৈ অনুস্থিত হোৱা সদৌ অসম অংকীয়া ভাওনা সমাৰোহত অসমৰ বিভিন্ন প্ৰান্তৰ ১২ খনকৈ অংকীয়া ভাওনাই অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে । এই ভাওনা সমাৰোহত একে সময়তে ৪ খনকৈ ভাওনা প্ৰদৰ্শন কৰা হ'ব বুলি উদ্যোক্তাই জনাইছে । যাৰ বাবে উক্ত স্থানত চাৰিটাকৈ নামঘৰ নিৰ্মাণ কৰা হৈছে ।

ভাওনা সমাৰোহৰ প্ৰথম কাৰ্যসূচীত এহাজাৰতকৈ অধিক নামতিয়ে একে সময়তে দিহানাম পৰিৱেশন কৰাৰ পৰিকল্পনা কৰাৰ লগতে শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫ সংখ্যক জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি ৫৭৫ জোৰা গায়ন-বায়ন প্ৰদৰ্শনৰ প্ৰস্তুতি আৰম্ভ কৰিছে (Shrimanta Sankardeva 575 birth anniversary)। বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত সদৌ অসম অংকীয়া ভাওনা সমাৰোহৰ সকলো কাৰ্যসূচীতে অসমবাসী ৰাইজৰ লগতে মাজুলীবাসীৰ সহায় সহযোগিতা কামনা কৰিছে উদ্যোক্তাই ।

ইফালে আয়োজকসকলে জনোৱা মতে এইবছৰ যি স্থানত সদৌ অসম অংকীয়া ভাওনা সমাৰোহ আয়োজন কৰা হৈছে সেই একেতা স্থানতে প্ৰতি বছৰে বিভিন্ন ধৰণৰ অনুষ্ঠানৰ আয়োজন কৰা হ'ব । আগন্তুক বছৰত মাহজোৰা অংকীয়া ভাওনাৰ প্ৰশিক্ষণৰ কাৰ্যসূচীও আয়োজন কৰাৰ পৰিকল্পনা কৰিছে উদ্যোক্তাই ।

জানিব পৰা মতে সমাৰোহৰ ৩ দিনত আলোচনা চক্ৰকে ধৰি বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব (All Assam Ankiya Bhaona Samaroh begins)। অংকীয়া ভাওনা সমাৰোহ আৰম্ভ হোৱাৰ লগে লগে এতিয়া ঐতিহাসিক খাটপথাৰত মাজুলীৰ ভিন্ন প্ৰান্তৰ লোকে ভিৰ কৰিছে । উদ্যোক্তাসকলেও ৰাজ্যৰ ভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ ভকত-বৈষ্ণৱসকলক আদৰিবলৈ সাজু হৈছে ।

লগতে পঢ়ক :CPIM public meeting : তেজপুৰত চিপিআই(এম) দলৰ বিশাল জনসভা

ABOUT THE AUTHOR

...view details