মাজুলী, 6 জানুৱাৰী : উখল মাখল পৰিৱেশে বিৰাজ কৰিছে মাজুলীৰ চামগুৰিৰ খাটপথাৰ । জগত গুৰু শ্ৰীমন্ত শংকৰদেৱৰ অমিয়া সৃষ্টি অংকীয়া ভাওনা জীয়াই ৰাখিবৰ বাবে মাজুলীত আয়োজন কৰা হৈছে অংকীয়া ভাওনা সমাৰোহ (All Assam Ankiya Bhaona Samaroh begins in Majuli) ।
শ্ৰীশ্ৰী প্ৰাচীন চামগুৰি সত্ৰ আৰু হৰিদাস বণিয়া আতৈ আৰ্থ সামাজিক উন্নয়ন স্বেচ্ছাসেৱী সংস্থা আৰু স্থানীয় ৰাইজৰ সহযোগত জানুৱাৰী মাহৰ 6, 7 আৰু 8 তাৰিখ অৰ্থাৎ আজিৰে পৰা মাজুলীৰ চামগুৰিৰ ঐতিহাসিক খাটপথাৰত আয়োজন কৰা হৈছে সদৌ অসম অংকীয়া ভাওনা সমাৰোহ (All Assam Ankiya Bhaona Samaroh) ।
শুকুৰবাৰৰ পৰা আৰম্ভ হোৱা এই সমাৰোহৰ পুৱাই মাজুলীৰ বিভিন্ন প্ৰান্তৰ 1000 ৰো অধিক নামতিয়ে একে সময়তে পৰিৱেশন কৰে দিহা নাম । এককথাত ক‘’বলৈ গ’লে, নামতিসকলৰ নামত মুখৰিত হৈ পৰিল ঐতিহাসিক খাটপথাৰ । বৰ্ণাঢ্য কাৰ্যসূচীৰে তিনিদিনীয়াকৈ আয়োজিত হোৱা সদৌ অসম অংকীয়া ভাওনা সমাৰোহৰ সকলো কাৰ্যসূচীত অসমবাসী ৰাইজৰ লগতে মাজুলীবাসী ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে উদ্যোক্তাসকলে ।
ইফালে এই অংকীয়া ভাওনা সমাৰোহৰ প্ৰথম দিনাই ৰাইজৰ সহযোগ দেখি আয়োজকসকলো উৎসাহিত হৈ পৰিছে ৷ শুকুৰবাৰে পুৱাৰ নাম প্ৰসংগৰ পাচতে ভাওনা সমাৰোহৰ পাতাকা উত্তোলন কৰা হয় ৷ ভাওনা সমাৰোহৰ পাতাকা উত্তোলন কৰে আয়োজক সমিতিৰ সভাপতি তাৰানাথ মহন্তই ।