মাজুলী, 4 অক্টোবৰ :ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে সোমবাৰে মাজুলী যোৰহাট সংযোগী দলঙৰ নিৰ্মাণস্থলী পৰিদৰ্শন কৰে । অখিল গগৈয়ে আগন্তুক উপ নিৰ্বাচনৰ প্ৰসংগৰে দেওবাৰে দুদিনীয়া কাৰ্যসূচীৰে মাজুলীত উপস্থিত হয় ৷ তেওঁ আজি মাজুলী যোৰহাট সংযোগী দলঙৰ নিৰ্মাণস্থলী পৰিদৰ্শন কৰি দলঙৰ নিৰ্মাণৰ কামৰ লগত জড়িত কৰ্মচাৰীৰে দলংখনৰ সন্দৰ্ভত মত বিনিময় কৰে ।
ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে দলঙৰ নিৰ্মাণস্থলীত উপস্থিত হৈ কয় যে, মাজুলী অসমীয়া জাতিৰ এটা আত্মা আৰু সেয়েহে মাজুলীবাসীৰ সুখ দুখৰ লগত প্ৰতিজন অসমীয়াৰ সুখ দুখ জড়িত হৈ থাকে । যুগ যুগ ধৰি মাজুলীবাসীয়ে এখন দলঙৰ দাবী কৰি আহিছে । ২০১৪ চনতেই পৰা দলং নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন হ'ল; কিন্তু আজি পৰ্যন্ত দলঙৰ কাম কিমান দূৰ আগবাঢ়িল, তাৰ বুজ ল’বলৈকে দলঙৰ নিৰ্মাণস্থলী পৰিদৰ্শন কৰিবলৈ আহিছে বুলি কয় ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে ।
আনহাতে দলং নিৰ্মাণস্থলী পৰিদৰ্শন কৰি ৰাইজৰ দলৰ সভাপতি গৰাকীয়ে কয় যে, দলঙখনক লৈ তেওঁ যি খবৰ পালে, সেইয়া সুখকৰ নহয় । এই পৰ্যন্ত দলঙৰ নিৰ্মাণৰ লগত জড়িত থকা কোম্পানীৰ হাতত DPR আহি পোৱাহি নাই আৰু DPR নোহোৱাকৈ কোনোও কামৰ আৰম্ভণি কৰিব নোৱাৰে । প্ৰথমতে DPR, তাৰ পিছত ডিজাইন আৰু তাৰ পাছতহে যিকোনো কামৰ আৰম্ভণি হয় ।