অসম

assam

নদীবান্ধৰ বিৰুদ্ধে মাজুলীত AJYCPৰ তীব্ৰ প্ৰতিবাদ

By

Published : Dec 8, 2020, 9:51 AM IST

সোমবাৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ মাজুলী জিলা সমিতিয়ে কমলাবাৰী চাৰিআলিত শক্তি সচিৱ সঞ্জয় নন্দন সাহা আৰু এন এইছ পি চিৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক অভয় কুমাৰ সিঙৰ প্ৰতিকৃতি দাহ কৰি সাব্যস্ত কৰে প্ৰতিবাদ ৷ পৰিষদৰ মাজুলী জিলা সমিতিৰ নৱ নিৰ্বাচিত সভাপতি মুনিন্দ্ৰ ভূঞা আৰু সাধাৰন সম্পাদক পবিত্ৰ বৰাই এক প্ৰেছ বিজ্ঞপ্তিযোগে স্পষ্ট কৰি কয় যে, নদীবান্ধৰ পৰা হ'ব পৰা বিস্তৰ ক্ষয়-ক্ষতি তথা ভয়াৱহতাৰ ওপৰত পুংখানুপুংখভাৱে অধ্যয়ন কৰি ইয়াৰ স্থায়ী সমাধান আৰু সংৰক্ষণৰ ব্যৱস্থা নকৰালৈকে কোনো কাৰণতে বৃহৎ নদীবান্ধ নিৰ্মাণ কৰিবলৈ দিয়া নহ'ব ৷

AJYCP PROTEST AT MAJULI
নদীবান্ধৰ বিৰুদ্ধে মাজুলীত AJYCPৰ তীব্ৰ প্ৰতিবাদ

মাজুলী,8 ডিচেম্বৰঃবৃহৎ নদীবান্ধৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰিল অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ ৷ সোমবাৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ মাজুলী জিলা সমিতিয়ে কমলাবাৰী চাৰিআলিত শক্তি সচিব সঞ্জয় নন্দন সাহা আৰু NHPC ৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক অভয় কুমাৰ সিঙৰ প্ৰতিকৃতি দাহ কৰি সাব্যস্ত কৰে প্ৰতিবাদ ৷ পৰিষদৰ মাজুলী জিলা সমিতিৰ নৱ নিৰ্বাচিত সভাপতি মুনিন্দ্ৰ ভূঞা আৰু সাধাৰন সম্পাদক পবিত্ৰ বৰাই এক প্ৰেছ বিজ্ঞপ্তিযোগে স্পষ্ট কৰি কয় যে, নদীবান্ধৰ পৰা হ'ব পৰা বিস্তৰ ক্ষয়-ক্ষতি তথা ভয়াৱহতাৰ ওপৰত পুংখানুপুংখভাৱে অধ্যয়ন কৰি ইয়াৰ স্থায়ী সমাধান আৰু সংৰক্ষণৰ ব্যৱস্থা নকৰালৈকে কোনো কাৰণতে বৃহৎ নদীবান্ধ নিৰ্মাণ কৰিবলৈ দিয়া নহ'ব ৷ প্ৰয়োজনত ইয়াতকৈ তীব্ৰ নদীবান্ধ বিৰোধী গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ'ব বুলিও সংগঠনটোৱে সকিয়াই দিয়ে ৷

আনহাতে, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে সাংবাদিকৰ আগত কয় যে, নদীবান্ধ বন্ধৰ দাবীত 2006 চনৰ পৰা সংগঠনটোৱে ধাৰাবাহিক আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰি আহিছে আৰু তাৰ ফলশ্ৰুতিতে উক্ত বান্ধৰ নিৰ্মাণকাৰ্য 2011 চনৰ 16 ডিচেম্বৰত সম্পূৰ্ণৰুপে বন্ধ কৰি ৰাখিবলৈ চৰকাৰ তথা নিৰ্মাণকাৰী প্ৰতিষ্ঠান বাধ্য হৈছিল ৷ তদুপৰি 2016 চনৰ 11 ডিচেম্বৰত সেইসময়ৰ শক্তিমন্ত্ৰী পীযুষ গোৱেল আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ যুটীয়া অধ্যক্ষতাত অনুষ্ঠিত এক ত্ৰিপাক্ষিক বৈঠকৰ সিদ্ধান্ত অনুসৰি সামূহিক প্ৰভাৱ অধ্যয়ণ নকৰাকৈ নদীবান্ধৰ কাম বন্ধ ৰখাৰ সিদ্ধান্তও গ্ৰহণ কৰা লৈছিল ৷ কিন্ত আজিৰ তাৰিখত এই সকলো সিদ্ধান্ত বুমেৰাঙত পৰিণত কৰি ৰাজ্য চৰকাৰে ৰাইজৰ প্ৰতিবাদকো আওকান কৰি পুনৰ জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰিবলৈ উঠিপৰি লাগিছে বুলি অভিযোগ উত্থাপন কৰে ৷

লগতে পঢ়কঃকলগাছিয়াত ভাৰত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ

ABOUT THE AUTHOR

...view details